NORTHEAST NOW (Assamese)
Popular Stories

মণিপুৰৰ নিৰ্বাচনৰ সময়ত কুকি উগ্ৰপন্থীৰ পৰা সহায় লৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 15, 2023 3:01 pm

২০১৭ চনৰ বিধানসভাত বিজেপিৰ জয় নিশ্চিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱে মণিপুৰৰ কুকি উগ্ৰপন্থীৰ পৰা সহায় লোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপিক ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰণদীপ সিং সুৰজেৱালাই। 

ইণ্ডিয়া টুডে এন ইয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি SoO ৰ অধীনত থকা এটা কুকি সংগঠনৰ নেতাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ ২০১৯ চনত প্ৰেৰণ কৰা পত্ৰত দাবী কৰা হৈছে যে বিজেপিৰ দুজন নেতাই — অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱে কুকি সংগঠনসমূহৰ পৰা ২০১৭ চনৰ মণিপুৰৰ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ সহায় বিচাৰিছিল।

উল্লেখ্য যে ২০১৭ চনত প্ৰথমবাৰৰ বাবে মণিপুৰত বিজেপিয়ে ক্ষমতা দখল কৰিছিল।

২০২৩ চনৰ ৮ জুনত ইউনাইটেড কুকি লিবাৰেচন ফ্ৰণ্টৰ অধ্যক্ষ এছ এছ হাওকিপে এন আই এৰ আদালতত দাখিল কৰা শপতনামাৰ সৈতে সংলগ্ন কৰা পত্ৰবোৰৰ ভিতৰত এই পত্ৰখন অন্যতম আছিল।

ইউকেএলএফ হৈছে সশস্ত্ৰ কুকি সংগঠনসমূহৰ ভিতৰত অন্যতম। বৰ্তমান যুদ্ধ বিৰতি ঘোষণা কৰিছে এই সংগঠনটোৱে।

পত্ৰখনত উল্লেখ থকা মতে ২০১৭ চনত ইউকেএলএফ আৰু আন এটা কুকি সংগঠন ইউনাইটেড পিপল ফ্ৰণ্টে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱৰ সৈতে হোৱা চুক্তি অনুসৰি বিজেপি প্ৰাৰ্থীক জয়ী কৰোওৱাত সহায় কৰিছিল।

‘ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ ক্ষেত্ৰত মই অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলো। অতি স্পষ্টকৈ ক’বলৈ গ’লে আমি সমৰ্থন নকৰা হ’লে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰখন স্থাপন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিলহেঁতেন। সদ্য সমাপ্ত সংসদীয় নির্বাচনত আমাৰ এলেকাৰ ভিতৰতে বিজেপিৰ প্রার্থীয়ে প্রায় ৮০-৯০ শতাংশ ভোট লাভ কৰিছিল৷’ পত্ৰখন এই দৰে লিখিছে বিদ্ৰোহী নেতাগৰাকীয়ে।

এই কথা পোহৰলৈ অহাৰ পিছতে মণিপুৰৰ নিৰ্বাচনৰ সময়ত উগ্ৰপন্থী সংগঠনৰ পৰা সহায় লোৱা বুলি দেশজুৰি সমালোচনাৰ বলি হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱ।