NORTHEAST NOW (Assamese)

একমাত্ৰ মহিলাকহে প্ৰৱেশৰ অনুমতি দিয়া হয় এই দ্বীপটোত

March 16, 2020 5:18 pm · এন ই নাও নিউজ
Updated: March 16, 2020 5:46 pm

আপুনি বিশ্বৰ এনেকুৱা ঠাইৰ বিষয়ে শুনিছেনে যি ঠাইলৈ একমাত্ৰ মহিলা সকলেহে যাব পাৰে।

আপুনি এনেকুৱা কথা নুশুনিবও পাৰে কিন্তু আজি আমি এনেকুৱা এখন ঠাইৰ কথা কম য’ত পুৰুষৰ প্ৰৱেশ নিষেধ।

একমাত্ৰ মহিলা সকলকহে এই স্থানলৈ যোৱাৰ অনুমতি দিয়া হয়। এই বিখাত ঠাই টুকুৰাৰ নাম হ’ল ফিনলেণ্ডৰ চুপাৰ চি আইলেণ্ড।

চলিত বৰ্ষতে ৮.৪৭ একৰ জোৰা এই দ্বীপটো মুকলি কৰি দিয়া হয়। আমেৰিকাৰ ক্ৰিষ্টিনা ৰোথ নামৰ এগৰাকী ব্যৱসায়ী মহিলাই এই দ্বীপটো ক্ৰয় কৰে।

দৰাচলতে ক্ৰিষ্টিনাই মহিলা সকলে মুকলি মনেৰে বন্ধৰ দিন উদযাপন কৰিব পৰা ঠাইৰ সন্ধানত আছিল।

‘‘মহিলা সকলে যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখিন হ’বলগীয়া নহয়। তেওঁলোকে এই দ্বীপত সুস্থভাৱে, পৰিপুষ্টিকৰ খাদ্য আৰু অন্যান্য সা-সুবিধাৰে সময় কটাব পাৰে,’’ ক্ৰিষ্টানাই কয়।

চুপাৰ চি আইলেণ্ডত এখন ৰিজৰ্টৰ কামো কৰি থকা হৈছে য’ত চাৰিটা কেবিন আছে আৰু এই কেবিন চাৰিটাত ১০ গৰাকী মহিলা থাকিব পৰাৰ ব্যৱস্থা উপলব্ধ হ’ব।

তাৰোপৰি, ৰিজৰ্টখনত স্পা, স্কুৱা বাথকে আদি কৰি অন্যান্য বহু সুবিধাও উপলব্ধ থাকিব বুলি জানিব পৰা গৈছে।

এই কেবিন সমূহত মহিলা সকলে ২ লাখৰ পৰা ৪ লাখ টকাৰ ভিতৰত পাঁচদিন কটাব পাৰিব।

জানিব পৰা মতে, এই দ্বীপটোলৈ যোৱাৰ পূৰ্বে সেই স্থানলৈ যাব বিচৰা মহিলা সকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’ব।

Related News