NORTHEAST NOW (Assamese)

নামচাইত কানিসহ দুই অসমৰ ব্যৱসায়ী আটক

August 24, 2019 8:24 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ চুবুৰিয়া অৰুণাচল প্ৰদেশৰ নামচাইত অৰুণাচল আৰক্ষীয়ে আজি প্ৰায় ৩০০ গ্ৰাম কানিসহ দুজন চোৰাং কানি ব্যৱসায়ী আটক কৰে।

জানিব পৰা মতে আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত চোৰাং ব্যৱসায়ী দুজনক আটক কৰা হয়৷ ধৃত লোক দুজনক কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাক চাৰি আলিৰ লক্ষ্মীন্দ্ৰ মৰাণ আৰু দাদু মহন্ত বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে বেপাৰী দুজনে অৰুণাচলৰ পৰা অসমলৈ কানি কঢ়িয়াই আনিছিল। কানিখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা হ’ব বুলি ধাৰণা কৰা হৈছে।

আনহাতে উক্ত দুই ধৃত কানি বেপাৰীয়ে দীৰ্ঘদিন ধৰি অৰুণাচলৰ পৰা অসমলৈ কানি সৰবৰাহ কৰি আহিছিল বুলি সূত্ৰত প্ৰকাশ।

নামচাই আৰক্ষীয়ে অধিক তথ্যৰ বাবে তেওঁলোকক নিজৰ জিম্মাত লৈ সোধা-পোচা অব্যাহত চলাই আছে। তেওঁলোকৰ পৰা অঞ্চলটোত অব্যাহত থকা অবৈধ কানি ব্যৱসায়ী চক্ৰৰ বহু তথ্য উদ্ধাৰ কৰিব পৰা যাব বুলি আৰক্ষীয়ে সদৰী কৰে।

Related News