NORTHEAST NOW (Assamese)

বিধেয়কৰ বিৰোধিতাৰে নগাঁও উকীল সন্থাৰ অৱস্থান ধৰ্মঘট; এন এছ ইউ আইৰ সদস্যৰ মুণ্ডন

January 11, 2019 8:30 pm · মিণ্টু দাস

ৰাজ্যখনৰ বিভিন্ন ঠাইত আজি উকীল সন্থাই নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে নগাঁৱতো এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও উকীল সন্থায়।

নগাঁও উকীল সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আজি অধিবক্তাসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে বিধেয়কখন বাতিল কৰাৰ দাবী জনায়। ইফালে কলিয়াবৰ উকীল সন্থায়ো বিধেয়কখন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কৰে।

আনহাতে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ নগাঁও জিলা সমিতিয়েও আজি বিধেয়কখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৰ পাঁচজন সদস্যই মুণ্ডন কৰি বিধেয়কখন বতিল কৰিবলৈ চৰকাৰক দাবী জনায়।

নগাঁও চহৰৰ মহাত্মা গান্ধী প্ৰতিমূৰ্তিৰ সন্মুখত সংগঠনটোৱে ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘটন পালন কৰি ‘বিধেয়ক বাতিল হ’ব লাগিব, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি হায় হায়’ আদি ধ্বনিৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে।

Related News