NORTHEAST NOW (Assamese)
Popular Stories

সন্তোষ হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী; হাফলঙত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

Posted by: পঙ্কজকুমাৰ দেৱ Updated by: পঙ্কজকুমাৰ দেৱ May 21, 2020 4:00 pm

প্ৰাক্তন ডিএইচ্ছডি সদস্য সন্তোষ হোজাইৰ হত্যাকাণ্ডৰ এক চিবিআই তদন্তৰ দাবী কৰিছে ডিমা হাচাওৰ বিভিন্ন দল-সংগঠনে।

উক্ত হত্যাকাণ্ডৰ ন্যায় বিচাৰি হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত বুধবাৰৰ পৰা আডছু, ডিএছইউ আৰু ডিমাছা মাদাৰ্ছ এচ’চিয়েছনে তিনিদিনিয়া ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে যোৱা ২৪ এপ্ৰিলত সন্তোষ হোজাইক হাৰাঙ্গাজাওস্থিত নিজ ঘৰৰ পৰা দুৰ্বৃত্তৰ দলে অপহৰণ কৰিছিল। অপহৰণৰ ছয়দিন পাছত NH-27 ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা পুতি থোৱা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

কিন্তু অপৰণ আৰু হত্যাকাণ্ডৰ ইমান দিনৰ পিছতো ইয়াৰ সৈতে জড়িতসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই।

লগতে পঢ়ক প্রাক্তন ডি এইছ ডি সন্তোষ হোজাইৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৩৬ ঘন্টীয়া ডিমা হাচাও বন্ধ

আনহাতে স্থানীয় ৰাইজ তথা সন্তোষ হোজাইৰ পত্নীৰ অভিযোগ আছিল যে এই অপহৰণ আৰু হত্যাকাণ্ডৰ লগত জিলাখনৰ উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাং প্ৰত্যক্ষ ভাৱে জড়িত।

৪ মে’ত সন্তোষ হোজাইৰ পত্নী জয়ন্তা হোজাইয়ে হাৰাঙ্গাজাও আৰক্ষী থানাত উপ আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰো দাখিল কৰিছিল।

কিন্তু এই ক্ষেত্ৰত কিবা ব্যৱস্থা লোৱাৰ বিপৰীতে অলপতে জিলাখনৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ আৰু অভিযুক্ত উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙক ইয়াৰ পৰা বদলিহে কৰা হয়।

আজিৰ ধৰ্ণাস্থলীত আডছু জিলা সভাপতি উত্তম লাঙঠাচাই এই হত্যাকাণ্ডৰ এক চিবিআই তদন্তৰ দাবী কৰাৰ লগতে সন্তোষৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

লগতে তেওঁ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত সূৰ্যকান্ত মৰাঙক চাকৰিৰ পৰা নিলম্বনৰ আৰু গ্ৰেপ্তাৰৰ দাবী জনায়। ইয়াৰ অন্যথা বৃহৎ আন্দোলন গঢ়ি তোলা হ’ব বুলি তেওঁ মন্তব্য কৰে।

ইপিনে ডিমাছা ষ্টুডেণ্ট য়ুনিয়নৰ সাধাৰণ সম্পাদক প্ৰমিত চেঙগুইনে কি কাৰণত কিন্তু কোনোধৰনৰ সোধা-পোছা নকৰাকৈ অভিযুক্ত সূৰ্যকান্ত মৰাঙক ডিমা হাচাওৰ পৰা বদলি কৰা হ’ল বুলি প্ৰশ্ন তোলে।

চেঙগুইনেও সমগ্ৰ ঘটনাৰ চিবিআই তদন্ত দাবী কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া স্পেচিয়েল ইনভেটিগেচন টিমৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায়।