DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্রাক্তন ডি এইছ ডি সন্তোষ হোজাইৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৩৬ ঘন্টীয়া ডিমা হাচাও বন্ধ

পঙ্কজকুমাৰ দেৱ by পঙ্কজকুমাৰ দেৱ
May 14, 2020 3:59 pm
331
VIEWS
Share on FacebookShare on Twitter

ডিমাছা বিদ্ৰোহী গোট ডি এইছ ডিৰ প্ৰাক্তন সদস্য তথা ব্যৱসায়ী সন্তোষ হোজাইৰ হত্যাৰ ন্যায় বিচাৰি আজি পুৱা ৫ বজাৰ পৰা ঘোষণা কৰা ডিমা হাছাও জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে।

জিলাখনৰ হালালি প্ৰগ্ৰেসিভ ৱেলফেয়াৰ ছছাইটিয়ে এই বন্ধৰ আহ্বান জনাইছিল।

জিলা সদৰ হাফলঙত বেংক, প’ষ্ট অফিচ, পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়ৰ উপৰি চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণভাৱে বন্ধ থকাৰ লগতে আৰক্ষী বা প্ৰশাসনৰ বাহিৰে কোনো ধৰণৰ যানবাহন চলাচল কৰা নাই।

হাফলংৰ উপৰি মাইবাং, হাৰাঙ্গাজাও, ডিয়ুংব্ৰা, লাংটিং, মাহুৰ, হাতিখালী, উমৰাংছু আদি ঠাইত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে।

উল্লেখযোগ্য যে যোৱা ২৪ এপ্ৰিলত হাৰাঙ্গাজাওৰ নিজ গৃহৰ পৰা বন্দুকধাৰী দুৰ্বৃত্তৰ দলে সন্তোষ হোজাইক অপহৰণ কৰি লৈ গৈছিল।

যোৱা ৩০ এপ্ৰিলত লাংটিং আৰক্ষী থানাৰ অধীনৰ মুপা ৰিজাৰ্ভ ফৰেষ্টৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা পুতি থোৱা অৱস্থাত আৰক্ষীয়ে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

আজি পৰ্যন্ত আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰাত ডিএইচ্ছডিৰ প্ৰাক্তন মুৰব্বী দিলীপ নুনিচাই যোৱা ১১ মে’ত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত মূপ খুৰাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

নুনিচাৰ অভিযোগ মতে এই অপহৰণ আৰু হত্যাৰ লগত ডিমা হাছাওৰ উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙৰ নাম সাঙোৰ খাইছে।

বিভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিবাদ জনাই সূৰ্যকান্ত মৰাঙক গ্ৰেপ্তাৰৰ দাবী জনাইছিল যদিও ডিমা হাছাও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নিৰাপত্তাহে দিয়া বুলি নুনিচাৰ অভিযোগ।

লগতে পঢ়ক ডি এছ পি সূৰ্যকান্ত মৰাঙৰ গ্ৰেপ্তাৰৰ দাবীত দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

এই সমগ্ৰ ঘটনাৰ এক উচিত তদন্তৰ দাবীত জিলা উপায়ুক্তৰ যোগেদি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ এখনকৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰা হৈছে।

কাইলৈ অৰ্থাৎ ১৫ মে’ৰ আবেলি ৫ বজাৰ লৈকে এই বন্ধ কাৰ্যসূচী চলিব। এই পৰ্যন্ত বন্ধৰ ফলত জিলাখনৰ কোনো ঠাইৰ পৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ খবৰ অহা নাই।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd