২০২৬ চনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰই ১,৭০০ গৰাকী ভাৰতীয় নাগৰিকক বিতাড়িত কৰিছে বুলি বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে (MEA) জানিবলৈ দিয়ে। নিয়মীয়া সংবাদমেলত এই সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে প্ৰব্ৰজন আৰু নাগৰিকৰ যাতায়াত সম্পৰ্কীয় বিষয়সমূহত আমেৰিকাৰ সৈতে ভাৰতৰ সহযোগিতা অব্যাহত আছে আৰু ভাৰতে অবৈধ অনুপ্ৰৱেশৰ তীব্ৰ বিৰোধিতা কৰে।
মুখপাত্ৰগৰাকীয়ে কয়, “প্ৰব্ৰজন আৰু যাতায়াতৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে আমাৰ নিৰন্তৰ সহযোগিতা আছে আৰু ভাৰত অবৈধ অনুপ্ৰৱেশৰ কঠোৰ বিৰোধী। বিতাড়নৰ বিষয়তো আমেৰিকাৰ সৈতে আমাৰ সহযোগিতা অব্যাহত আছে।” তেওঁ লগতে উল্লেখ কৰে যে চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা আমেৰিকাৰ পৰা ১,৭০০ গৰাকী ভাৰতীয় নাগৰিকক বিতাড়িত কৰা হৈছে।
বিতাড়ন প্ৰক্ৰিয়া সন্দৰ্ভত স্পষ্টীকৰণ দি জয়ছোৱালে জনায় যে সম্ভাব্য বিতাড়নৰ ক্ষেত্ৰত আমেৰিকা চৰকাৰৰ পৰা বাৰ্তা লাভ কৰাৰ পাছত ভাৰতীয় কৰ্তৃপক্ষই সংশ্লিষ্ট ব্যক্তিসকলৰ নাগৰিকত্ব পৰীক্ষা কৰে। বিতাড়নৰ সন্মুখীন হোৱা লোকসকল প্ৰকৃততে ভাৰতীয় নাগৰিক হয় নে নহয়, সেয়া নিশ্চিত কৰাৰ পূৰ্বে এই পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা জুলাই মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে জনাইছিল যে ২০২৫ চনৰ পৰা আমেৰিকাৰ পৰা ৪,৮৪০ গৰাকীৰো অধিক ভাৰতীয় নাগৰিকক বিতাড়িত কৰা হৈছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চলাই থকা কঠোৰ অভিযানৰ মাজতেই এই বিতাড়ন প্ৰক্ৰিয়া অব্যাহত আছে। নথিপত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণক ট্ৰাম্প প্ৰশাসনে নিজৰ অনুপ্ৰৱেশ নীতিৰ অন্যতম মূল লক্ষ্য হিচাপে গ্ৰহণ কৰিছে, যাৰ ফলত ভাৰতীয়সহ বিভিন্ন দেশৰ নাগৰিকক বিতাড়িত কৰা হৈছে। ইয়াৰ মাজতে ভাৰতে পুনৰ স্পষ্ট কৰি দিছে যে দেশে অবৈধ অনুপ্ৰৱেশৰ বিৰোধিতা কৰাৰ লগতে প্ৰব্ৰজন আৰু নাগৰিকৰ যাতায়াত সম্পৰ্কীয় বিষয়সমূহত আমেৰিকাৰ সৈতে সহযোগিতা অব্যাহত ৰাখিব।


