NORTHEAST NOW (Assamese)

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য; দেশৰ ১৯ খন মেট্ৰ’ চিটিৰ ভিতৰত মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত কলকাতা

October 6, 2020 2:39 pm · এন ই নাও নিউজ

ভাৰতৰ ১৯ খন মেট্ৰ’ চিটিৰ ভিতৰত মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত হিচাপে বিৱেচিত হৈছে কলকাতা চহৰ।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোই প্ৰকাশ কৰা শেহতীয়া এক প্ৰতিবেদনত দেশৰ ১৯ খন মেট্ৰ’ চিটিৰ ভিতৰত কলকাতাত মহিলাৰ বিৰুদ্ধে চলোৱা যৌন আতিশয্যৰ গোচৰ আটাইতকৈ কম পঞ্জীয়ন হৈছে।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদন অনুসৰি ২০১৯ বৰ্ষত কলকাতাত মহিলাৰ বিৰুদ্ধে যৌন আতিশয্যৰ চৈধ্যতা ঘটনা সংঘটিত হৈছে।

আনহাতে, ২০১৯ বৰ্ষত কলকাতা চহৰত কোনোধৰণৰ ধৰ্ষণৰ ঘটনাও সংঘটিত হোৱা নায়।

উল্লেখযোগ্য যে, দিল্লী, বাংগালুৰু, হায়দৰাবাদ, লক্ষ্নৌ আদিৰ দৰে চহৰ সমূহ ক্ৰমে মহিলাৰ বাবে অসুৰক্ষিত চহৰলৈ পৰ্যৱসিত হোৱাৰ সময়তে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ শেহতীয়া প্ৰতিবেদনত কলকাতা আটাইতকৈ সুৰক্ষিত চহৰ হিচাপে বিৱেচিত হোৱা কথাই তাৎপৰ্য্য বহন কৰিছে।

Related News