NORTHEAST NOW (Assamese)

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm · এন ই নাও নিউজ, গুৱাহাটী

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে অহা ২২ ছেপ্টেম্বৰত অসমৰ তিনিচুকীয়া জিলাৰ ডিকমৰ পৰা লাহোৱাললৈ মটক জনগোষ্ঠীৰ ৩০ খনতকৈও অধিক গাঁৱৰ প্ৰায় ৫০ হাজাৰ লোকে একেলগে সমদল উলিয়াব।

অনুসূচিত জনজাতি স্বীকৃতিৰ দাবীত মৰাণ জনগোষ্ঠীৰ ব্যাপক পদযাত্ৰাৰ পিছত এতিয়া মটক জনগোষ্ঠীয়ে প্ৰতিবাদৰ বাবে সাজু হৈছে। প্ৰতিবাদৰ বাবে এতিয়া সাজু হৈছে বিভিন্ন মটক সংগঠনৰ নেতা আৰু সদস্য।

মটক লোকসকলে কয়, “যোৱা ১৫ বছৰে চৰকাৰে আমাৰ অধিকাৰ প্ৰদান নকৰি আমাক প্ৰতাৰণা কৰি আহিছে। বিজেপি চৰকাৰে ক্ষমতালৈ অহাৰ ছমাহৰ ভিতৰত আমাক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু নিৰ্বাচনৰ পিছত তেওঁলোকৰ সকলো প্ৰতিশ্ৰুতি অসাৰ হৈ গল।

লগতে কয়, “কেৱল মটক জনগোষ্ঠীয়েই নহয়, চৰকাৰে জনজাতীয় স্বীকৃতি বিচৰা আন ছয় জনগোষ্ঠীকো প্ৰতাৰণা কৰিলে।চৰকাৰে এই ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে প্ৰতিবাদ ভয়ংকৰ হ’ব বুলি সকীয়াই দিয়ে মটক নেতাসকলে।

Related News