NORTHEAST NOW (Assamese)

কুৱেইট এৰিব লাগিব ৮ লাখ ভাৰতীয়ই… কিন্তু কিয় ?

July 6, 2020 3:40 pm · এন ই নাও নিউজ
Updated: July 6, 2020 3:41 pm

তৈল সম্পদত চহকী দেশ কুৱেইট। বহুতৰে বাবে স্বপ্নৰ দেশ কুৱেইট।

পনীয়া সোণৰ দেশ খনলৈ ভাৰতৰ পৰা জাকে জাকে মানুহে গৈ বাস কৰি আছে।

কিন্তু সেই সকল ভাৰতীয়ৰ মাজৰে প্ৰায় ৮ লাখ ভাৰতীয়ই অনিচ্ছা সত্বেও এৰিব লাগিব দেশ খন। কুৱেইটৰ মুঠ জনসংখ্যা হৈছে ৪.৩ নিযুত।ইয়াৰে ১.৪৫ নিযুত লোকেই হৈছে ভাৰতীয়।

কুৱেইটৰ বিভিন্ন তৈল উদ্যোগৰ লগতে আন বহু উদ্যোগত জৰিত হৈ থকা এই সকল ভাৰতীয় লোক এতিয়া মূৰ কামোৰণি হৈ পৰিছে কুৱেইট চৰকাৰৰ বাবে।

কুৱেইটৰ নেছনেল এচেম্বলীৰ লিগেল এণ্ড লেজিছলেটিভ কমিটিয়ে শেহতীয়াকৈ দাখিল কৰা এক্সপাট কোটা বিধেয়কৰ জৰিয়তে প্ৰায় ৮ লাখ ভাৰতীয় লোকক দেশখনৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তাৱ দিছে।

কমিটিয়ে এই বুলি কৈছে যে কুৱেইটত এতিয়াৰে পৰা ১৫ শতাংশতকৈ বেছি বিদেশী লোক থাকিব নোৱাৰিব।

এয়াৰ ফলত প্ৰায় ৮ লাখ ভাৰতীয়ই কুৱেইট ত্যাগ কৰিব লাগিব। শেহতীয়াকৈ দেখা দিয়া কৰণাতংকৰ বাবে দেশখনৰ চৰকাৰে অধিক বিদেশী লোকৰ বোজা বহন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে।

কুৱেইটৰ প্ৰধানমন্ত্ৰী শ্বেখ চাবাহ অল খলিদ অল চাবাহেও কিছুদিন পূৰ্বে দেশখনত পূৰ্বৰ ৭০ শতাংশৰ ঠাইত ৩০ শতাংশ বিদেশী লোকেহে দেশখনত থাকিব পাৰিব বুলি ঘোষণা কৰিছিল।

Related News