NORTHEAST NOW (Assamese)
Popular Stories

১০০ বছৰৰ পাছত পুথিভঁৰাললৈ ঘূৰি আহিল গ্ৰন্থ! লেট ফাইন ১ লাখ ১৭ হাজাৰ টকা, কিন্তু…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2023 8:19 am

১০০ বছৰৰ পাছত পুথিভঁৰাললৈ ঘূৰি আহিল গ্ৰন্থ! হয়, ধেমালি নহয়। এনেকুৱা ঘটনাই ঘটিছে আমেৰিকাত। প্ৰায় ১০০ বছৰৰ পাছত এই গ্ৰন্থখন কেলিফৰ্ণিয়াৰ ছেইণ্ট হেলেনা পাব্লিক লাইব্ৰেৰীলৈ ঘূৰাই পঠিওৱা হয়। পুথিভঁৰাল কৰ্তৃপক্ষই কয় যে তেওঁলোকে প্ৰায় ১০০ বছৰ আগতে পুথিভঁৰালৰ পৰা পঢ়াৰ বাবে লৈ যোৱা এনে এখন গ্ৰন্থ ঘূৰাই দিছে!

যিকোনো পুথিভঁৰালত সাধাৰণতে ১৫ দিনৰ পিছত কিতাপ ঘূৰাই দিয়াটো নিয়ম। যদি নিদিয়ে, তেন্তে লেট ফাইন লগোৱা হয়। কোনো গ্ৰন্থ পুথিভঁৰালৰ পৰা নিয়া হ’লে বহু দেৰিকৈ হ’লেও সাধাৰণতে কেইমাহমানৰ ভিতৰতে সেইখন ঘূৰাই দিয়া হয়। যদি নহয়, জৰিমনা বহুত বাঢ়ি যায়!

কিন্তু আমেৰিকাৰ কেলিফৰ্ণিয়াৰ এই ৰাজহুৱা পুথিভঁৰালটোত যিটো ঘটিল সেয়া আচৰিত! ১০০ বছৰ আগতে ধাৰে লোৱা গ্ৰনেথ পুথিভঁৰাললৈ উভতি আহিল!

কি আছিল সেই গ্ৰন্থখন যিখন পাঠকে ইমানদিনে ঘূৰাই দিয়া নাছিল? বিখ্যাত এই গ্ৰন্থখনৰ নাম ‘এ হিষ্ট্ৰী অৱ দ্য ইউনাইটেড ষ্টেটছ’। লেখক বেনছন লছিং। ১৮৮১ চনৰ আশে-পাশে এই গ্ৰন্থখন প্ৰকাশ পোৱা বুলি জনা গৈছে।

ছেইণ্ট হেলেনা পাব্লিক লাইব্ৰেৰীৰ পৰিচালকে কয় যে তেওঁলোকে দেৰিকৈ কিতাপ ঘূৰি অহাৰ বাবে জৰিমনা নলয়। কিন্তু সময়মতে কিতাপ ঘূৰাই নিদিলে বহু পুথিভঁৰালে জৰিমনা আদায় কৰে। কিন্তু পুথিভঁৰাল কৰ্তৃপক্ষই যদি কিতাপখনৰ বাবে জৰিমনা লগাব লগা হয়, তেন্তে সদস্যজনে জৰিমনাৰ বিনিময়ত ১৪১৩ ডলাৰ দিব লাগিব। ভাৰতীয় মুদ্ৰাত যিটো প্ৰায় ১ লাখ ১৭ হাজাৰ টকা!

গ্ৰন্থখন দিয়াৰ পিছত পুথিভঁৰালৰ ৰেকৰ্ডত লিখা আছিল যে ১৯২৭ চনৰ ২১ ফেব্ৰুৱাৰীত কিতাপখন ঘূৰাই দিয়া হ’ব। তাৰ পিছত মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ পাৰ হৈ গ’ল। কিতাপখন আৰু জমা নহ’ল। শেহতীয়াকৈ এজন ব্যক্তিয়ে কিতাপখন পুথিভঁৰাললৈ ঘূৰাই দিলে। কিন্তু পুথিভঁৰালৰ ৰেকৰ্ডৰ পৰা স্পষ্ট নহয় যে কিতাপখন সঠিকভাৱে কোনে ধাৰলৈ লৈছিল। এটা নাম পোৱা গৈছে যদিও সেই নামটোৰ বিষয়ে পুথিভঁৰালটো বৰ নিশ্চিত নহয়।