NORTHEAST NOW (Assamese)

অৱশেষত বন্দী হ’ল ‘লাডেন’; ৰামুৰ নেতৃত্বত ৬টা চিকাৰী হাতীয়ে চলাইছিল অভিযান

November 11, 2019 12:24 pm · নীলমণি শৰ্মা
Updated: November 11, 2019 12:46 pm
বান্ধি থোৱা অৱস্থাত 'লাডেন'। ফটো : নৰ্থ-ইষ্ট নাও

গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰা বনৰীয়া হাতী লাডেনক অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত যোৱা দল এটাই কৰায়ত্ত কৰিলে হাতীটোক।

দলটোৰ সৈতে যোৱা চিকিৎসকে হাতীটোক ট্ৰেংকুলাইজ কৰা বুলি জানিবলৈ দিয়ে।

আজি ৰাতিপুৱা প্ৰথমবাৰৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ৰামু সহ ৬ টা চিকাৰী হাতী আৰু বন বিভাগৰ লোকে ৰংজুলিৰ বনাঞ্চলত লাডেনক বিচাৰি আৰম্ভ কৰিছিল অভিযান।

অভিযানৰ কিছু সময় পাছতেই ছাটাবাৰী অঞ্চলত লাডেনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি লাডেনৰ আক্ৰমণত জিলাখনত বহু লোকে প্ৰাণ হেৰুওৱাৰ পাছত দীৰ্ঘদিন ধৰি অভিযান চলায়ো জিলাখনৰ বন বিভাগে কুখ্যাত বনৰীয়া হাতীটো কাবু কৰাত অসমৰ্থ হ’বলগীয়া হৈছে।

সেয়ে যোৱা ৮ নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে হাতীটোক ধৰিবলৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই তেওঁৰ চিকাৰী হাতী ৰামুৰ সৈতে গোৱালপাৰাৰ ৰংজুলিত উপস্থিত হৈছিল।

লাডেনক বশ কৰাৰ খবৰে বনৰীয়া হাতী উপদ্ৰৱ থকা অঞ্চলৰ লোকসকল উৎফুল্লিত হৈ পৰা দেখা গৈছে।

Related News