NORTHEAST NOW (Assamese)
অসম

জিভা পিছলিল ইমৰাণ খানৰ! আমেৰিকাৰ নাম উচ্চাৰণ কৰি অস্বস্তিত পাকিস্তানৰ প্ৰধানমন্ত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 1, 2022 12:21 pm
Imran Khan

নাম উচ্চাৰণ নকৰো বুলি চেষ্টা কৰিও অৱশেষত জিভা পিছলি মুখৰ পৰা ওলাই পৰিল আমেৰিকাৰ নাম। আমেৰিকাই তেওঁক ক্ষমতাচ্যুত কৰিবলৈ এখন পত্ৰ দিয়া বুলি উল্লেখ কৰি লগে লগেই নিজকে চম্ভালি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয়,’নাই মই নাম ল’ব নোৱাৰো।‘

বৃহস্পতিবাৰে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান এনে এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হয়।

লগতে পঢ়ক: আমেৰিকাৰ সকীয়নি! আকৌ চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰিলে ৰাছিয়াই ভাৰতক সহায় নকৰে

ভাষণত ইমৰাণ খানে কয় যে তেওঁৰ মিত্ৰজোঁট চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ বিদেশী শক্তিয়ে ষড়যন্ত্ৰ কৰিছে। সেয়া এখন দেশৰ দূতৰ জৰিয়তে অহা বুলি দাবী কৰা হয়।

ইমৰাণ খানে কয়, ‘’অনস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পূৰ্বেই উক্ত পত্ৰত অনাস্থা প্ৰস্তাৱৰ প্ৰসংগ উল্লেখ কৰা হৈছিল। তাৰ অৰ্থ বিৰোধীৰ তেওঁলোকৰ সৈতে সম্পৰ্ক আছে।‘’ তেওঁ দাবী কৰা মতে সেই দেশখনে ভাবুকি দিছে যে যদি ইমৰাণ খানৰ চৰকাৰ ক্ষমতাত বৰ্তি থাকে, তেতিয়াহ’লে পাকিস্তানে জটিল পৰিস্থিতিৰ সন্মুখীন হ’ব লগাত পৰিব।

লগতে পঢ়ক: অৰ্থনৈতিক সংকট! শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত অগ্নিসংযোগৰ চেষ্টা; কলম্বোত সান্ধ্য আইন

এনে সময়তে কোনো দেশৰ নাম প্ৰকাশ নকৰো বুলি কৈও জিভা পিছলি ইমৰাণ খানে আমেৰিকাৰ নাম উচ্চাৰণ কৰে।

তেওঁ কয়, ’’ আমেৰিকা.. ও নহয়, আমেৰিকা নহয়। এইখন আন দেশে পঠিয়াইছে। যিখন দেশৰ নাম আমি ক’ব নোৱাৰো। মই ক’ব খুজিছো যে বিদেশৰ পৰা আমি এটা বাৰ্তা লাভ কৰিছো।‘’