শ্ৰীলংকাত অৰ্থনৈতিক সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইয়াকে লৈ দেশখনৰ জনতা ক্ষোভত ফাটি পৰিছে। শ্ৰীলংকাৰ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে জনতাই হিংসাত্মক বিক্ষোভ গঢ়ি তুলিছে।
বৃহস্পতিবাৰে দেশখনৰ ৰাষ্ট্ৰপতিৰ বাসভৱনত অগ্নিসংযোগৰ চেষ্টা কৰাৰ লগতে ক্ষুব্ধ জনতাই হিংসাত্মক প্ৰতিবাদত নামি পৰাত ৰাজধানী কলম্বোত নিশাই সান্ধ্য আইন জাৰি কৰা হৈছে।
আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেৰ বাসভৱনৰ বাহিৰত চলি থকা প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ পিছত সাংবাদিককে ধৰি ১০জন লোক আহত হৈছে।
বাতৰি মতে ৰাষ্ট্ৰপতি ৰাজাপক্ষেৰ বাসভৱনৰ পিনে যোৱা পথত এখন বাছত অগ্নিসংযোগ কৰাৰ পূৰ্বে প্ৰতিবাদকাৰীসকলে এখন প্ৰাচীৰ ভাঙি দিয়ে আৰু আৰক্ষীলৈ শিল দলিয়ায়।প্ৰতিবাদকাৰীসকলে ইমানতে ক্ষান্ত নাথাকি শ্ৰীলংকাৰ সেনাবাহিনীৰ এখন বাছ আৰু এখন জীপতো অগ্নিসংযোগ কৰে।
শ্ৰীলংকাত বৈদেশিক মুদ্ৰাৰ অভাৱত ইন্ধনৰ নাটনি দেখা দিয়াত দেশখনত পৰ্যাপ্ত বিদ্যুৎ উৎপাদন সম্ভৱ হোৱা নাই। এনে পৰিস্থিতিত দেশখনত চৰকাৰে দিনে ১০-১২ঘন্টা বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত লৈছে।
দ্বীপৰাষ্ট্ৰখনৰ চৰকাৰে এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ বাবে উপায় বিচাৰি আছে।