NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তান ক্ৰিকেট দলত হিন্দু খেলুৱৈক উৎপীড়ন চলোৱা সন্দৰ্ভত আখতাৰৰ বিস্ফোৰক মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 27, 2019 12:51 pm
Akhtar

পাকিস্তান ক্ৰিকেট দলৰ ড্ৰেছিং ৰুমত জাতীয় দলৰ হৈ খেলা এগৰাকী হিন্দু ক্ৰিকেটাৰক উৎপীড়ন চলোৱা সন্দৰ্ভত দলটোৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে কৰা মন্তব্যক লৈ সম্প্ৰতি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

হিন্দু হোৱা বাবে ডেনিছ কানেৰীয়া নামৰ পাকিস্তান দলৰ খেলুৱৈ গৰাকীৰ সৈতে অন্য বহু খেলুৱৈয়ে অশোভনীয় আচৰণ কৰাৰ লগতে একেলগে আহাৰ গ্ৰহণ কৰিবও বিচৰা নাছিল বুলি আখতাৰে কৰা মন্তব্যত পাকিস্তানৰ লগতে সমগ্ৰ ভাৰতত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, ডেনিছ কানেৰীয়াই পাকিস্তানৰ হৈ অৰ্ধ শতাধিক টেষ্ট খেলত অংশগ্ৰহণ কৰি উল্লেখনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।

আখতাৰে কানেৰীয়াৰ উপৰিও মহম্মদ ইউছুফ (পূৰ্বে খ্ৰীষ্টান ধৰ্মৰ নাম অনুসৰি ইউছুফ য়ুহানা)ৰ সৈতেও একেধৰণৰ ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ কৰে।

বহুকেইগৰাকী পাকিস্তান দলৰ ক্ৰিকেটাৰে কানেৰীয়াই দলৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰাৰ সন্দৰ্ভত আখতাৰক প্ৰশ্ন কৰাত আখতাৰে তেওঁলোকক ঘৰত অধিনায়ক হৈ থাকিব লাগে ইয়াত নহয় বুলি উক্ত কথাৰ বিৰোধিতা কৰি ড্ৰেছিং ৰুমৰ পৰা বাহিৰ কৰি দিম বুলি ধমকি দিছিল বুলিও মত ব্যক্ত কৰে।

পাকিস্তানত ধৰ্মীয় সংখ্যালঘু লোক সকলৰ ওপৰত হৈ অহা অত্যাচাৰৰ প্ৰসংগ ভাৰতে ৰাষ্ট্ৰসংঘত বহুবাৰ উত্থাপন কৰাৰ পাছত আখতাৰৰ বিস্ফোৰক মন্তব্যই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।