NORTHEAST NOW (Assamese)

বৰফ গলিল! ভাৰত ভ্ৰমণলৈ আহি আছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো

April 20, 2023 5:52 pm · এন ই নাও নিউজ, নতুন দিল্লী
পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো জৰ্দাৰী। ফাইল ফটো।

ভাৰত ভ্ৰমণলৈ আহি আছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো জৰ্দাৰী। ছাংহাই সহযোগিতা সংস্থাৰ অন্তৰ্গত আঠখন দেশৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক অহা মাহত গোৱাত অনুষ্ঠিত হ’ব। সেই বৈঠকত ভুট্টো উপস্থিত থাকিব।

উল্লেখ্য যে ২০১৪ চনত পাকিস্তানী নেতা নৱাজ শ্বৰীফে ভাৰত ভ্ৰমণ কৰিছিল। সুদীৰ্ঘ কালৰ পিছত এইবাৰ আহিব ভুট্টো।

লগতে পঢ়ক: দেশ এৰি পলায়নৰ চেষ্টা! বিমানবন্দৰত আটক ‘পলাতক’ খালিস্তানপন্থী নেতা অমৃতপলৰ পত্নী

পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সদৰী কৰা তথ্য অনুসৰি পাকিস্তানৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব বিলাৱল ভুট্টো জৰ্দাৰীয়ে। যিটো ৪-৫ মে’ত গোৱাত অনুষ্ঠিত হ’ব।

এই বৈঠকৰ সভাপতিত্ব কৰিব ভাৰতে। জানুৱাৰী মাহত চীন আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমন্ত্ৰণ জনাইছিল।

লগতে পঢ়ক: বয়স মাত্ৰ ২৫ বছৰ! ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কে-পপ তাৰকা মুনবিনৰ দেহ

প্ৰসংগক্ৰমে ২০১৯ চনত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত-পাক সম্পৰ্কৰ বহু অৱনতি ঘটিছে। এনে পৰিস্থিতিত বিলাৱল ভুট্টোৰ ভাৰত ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

Related News