NORTHEAST NOW (Assamese)

দিল্লীত পাকিস্তানৰ নাগৰিকক গ্ৰেপ্তাৰ, অস্ত্ৰ উদ্ধাৰ

October 12, 2021 12:33 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 12, 2021 12:34 pm
Human fingerprints and handcuffs

আজি পুৱা পূব দিল্লীৰ লক্ষ্মী নগৰ অঞ্চলৰ পৰা এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। ব্যক্তিজনৰ পৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াসকলে।

আৰক্ষী উপায়ুক্ত প্ৰমোদ সিং কুশৱাহাৰ ভাষ্য মতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাসিন্দা মহম্মদ আশ্ৰাফ ওৰফে আলীয়ে জাল নথিপত্ৰৰ জৰিয়তে ভাৰতীয় পৰিচয় পত্ৰ লাভ কৰিছিল।

জাল নথি-পত্ৰৰ জৰিয়তে আশ্ৰাফে এজন ভাৰতীয় নাগৰিক হিচাপে বাস কৰি আছিল।

গ্ৰেপ্তাৰ হোৱা পাকিস্তানী নাগৰিক জনৰ পৰা এটা AK-47 আৰু আন কেইবাটাও অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

আশ্ৰাফক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, বিস্ফোৰক আইন আৰু অস্ত্ৰ আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰে

Related News