NORTHEAST NOW (Assamese)

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

May 25, 2025 1:23 pm · এন ই নাও নিউজ, গুৱাহাটী

নিজৰ দেশৰ ভিতৰতে আক্ৰমণৰ সন্মুখীন হৈছে পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীৰ কন্যা আছিফা ভুট্টো জৰ্দাৰী। শুকুৰবাৰে কৰাচীৰ পৰা সিন্ধৰ নৱাবশ্বাহলৈ গৈ থকা অৱস্থাত তেওঁৰ কনভয়টোত আক্ৰমণ কৰা হয়।

পাকিস্তানত থকাৰ সময়তে বিতৰ্কিত সিন্ধু খাল প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ হিচাপে আছিফাৰ কনভয়ত আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ আছিল। তেতিয়াই তেওঁৰ কনভয়ত আক্ৰমণ কৰা হয়।

পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, পৰিকল্পিত খাল প্ৰকল্প আৰু কৰ্পৰেট কৃষিকৰ্মৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীৰ এটা বৃহৎ দলে পথ অৱৰোধ কৰে। এই প্ৰকল্পৰ বিৰুদ্ধে শ্লোগান দি সিন্ধুৰ পৰা পানী আঁতৰাই নিয়া বুলি অভিযোগ উত্থাপন কৰে।

পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বহু লোকে লাঠিৰে কনভয়টোত আক্ৰমণ কৰে। ৰাষ্ট্ৰীয় ঘাইপথত বিশৃংখলতা বিয়পি পৰাত নিৰাপত্তা বাহিনীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। প্ৰতিবাদকাৰীক আঁতৰাই আছিফাৰ গাড়ীখন নিৰাপদ স্থানলৈ লৈ যোৱা হয়।

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ গাড়ী উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা বুলি নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰিছে। কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। কিন্তু প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বিশৃংখলতাৰ সৃষ্টি হয়। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ কেইবাজনো লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে পাকিস্তানৰ বৰ্তমানৰ ‘ফাৰ্ষ্ট লেডী’ আছিফা ভুট্টো জৰ্দাৰী পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী আৰু পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ কন্যা। তেওঁ পাকিস্তান পিপলছ পাৰ্টিৰ নেত্ৰী। সম্প্ৰতি পাকিস্তানত বিতৰ্কিত সিন্ধু খাল প্ৰকল্পক লৈ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে প্ৰতিবাদকাৰীয়ে সিন্ধৰ গৃহমন্ত্ৰী জিয়াউল হাছান লঞ্জাৰৰ বাসগৃহতো অগ্নিসংযোগ কৰিছিল।

Related News