NORTHEAST NOW (Assamese)

‘আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা’; ভাৰতক দেখি বিদেশ যাবলৈ পাকিস্তানেও উলিয়ালে প্ৰতিনিধিৰ দল

May 18, 2025 1:02 pm · এন ই নাও নিউজ, গুৱাহাটী
Shashi Tharoor and Bilawal Bhutto | PTI, AP

ভাৰতক দেখি হাস্যকৰভাৱে পাকিস্তানে পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলোৱাল ভুট্টো-জৰ্দাৰীৰ নেতৃত্বত এটা দল বিভিন্ন দেশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। ৭ মেত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লোৱা অপাৰেচন সিন্দুৰৰ ব্যাখ্যাৰ বাবে ভাৰতে ৩২খন দেশলৈ নিজা দল প্ৰেৰণ কৰাৰ পাছতে পাকিস্তানএ এই কথা প্ৰকাশ কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ১৭ মেত বিলৱালক এই দলৰনেতৃত্ব দিবলৈ কয়।

উল্লেখ্য যে, ভাৰতৰ প্ৰতিনিধি দলৰ ভিতৰত আছে শশী থাৰুৰ আৰু সুপ্ৰিয়া চুলেৰ দৰে নেতা, যিয়ে ২২ এপ্ৰিলত ২৬ জন লোকৰ মৃত্যু হোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতৰ স্থিতি জনাবলৈ কৰিবলৈ আমেৰিকা, ব্ৰিটেইন, কাটাৰৰ দৰে ঠাই ভ্ৰমণ কৰিব।

ইপিনে প্ৰাক্তন মন্ত্ৰী হিনা ৰাব্বানী খাৰ আৰু খুৰৰাম দস্তগিৰ খানকে ধৰি পাকিস্তানৰ দলটোৱে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়াৰ দৰে দেশ ভ্ৰমণ কৰি নিজৰ মতামত দাঙি ধৰিব।

পাকিস্তানৰ এই পদক্ষেপক ভাৰতৰ পদক্ষেপৰ প্ৰতি সঁহাৰি হিচাপে গণ্য কৰা হৈছে যদিও ই কাম কৰিব নে নাই সেই বিষয়ে একাংশ লোকে সন্দেহ কৰিছে কাৰণ পাকিস্তানৰ সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ ইতিহাস আছে, যাৰ বাবে তেওঁলোকৰ বাবে আস্থা লাভ কৰাটো কঠিন হৈ পৰিছে।

Related News