NORTHEAST NOW (Assamese)

পাকিস্তানৰ প্ৰথম গৰাকী উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ হিচাপে শপত ল’লে আয়েছা মালিকে

January 24, 2022 3:39 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 24, 2022 3:47 pm

এক নজিৰবিহীন ইতিহাসৰ সূচনা হৈছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত। দেশখনত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

মহিলাগৰাকীৰ নাম হৈছে আয়েছা মালিক। আজি তেওঁ ইছলামাবাদস্থিত উচ্চতম ন্যায়ালয়ত শপতগ্ৰহণ কৰে।

উল্লেখযোগ্য যে আয়েছা মালিকে ইয়াৰ পূৰ্বে দুই দশক ধৰি লাহোৰ উচ্চ ন্যায়ালয়ত কৰ্তব্যৰত আছিল।

হাৰ্ভাৰ্ড ইউনিভাৰ্ছিটিত শিক্ষাগ্ৰহণ কৰা মালিকে ইতিপূৰ্বে ন্যায়িক প্ৰক্ৰিয়াসমূহত নাৰীৰ অধিকাৰক অগ্ৰাধিকাৰ দি আহিছে।

কট্টৰ ইছলামিক দেশ হিচাপে সচৰাচৰ প্ৰচাৰ হৈ অহা পাকিস্তানত সাধাৰণতে মহিলাৰ বিৰুদ্ধে বিভিন্ন অত্যাচাৰৰ অভিযোগ উঠি আহিছে।

আনকি মালিকৰ নিযুক্তিয়েও কট্টৰ ইছলামিকসকলৰ প্ৰতিবাদৰ মুখামুখি হৈছিল।

তেনে পৰিস্থিতিত এই পদক্ষেপে দেশখনত নাৰীৰ অধিকাৰ শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

Related News