NORTHEAST NOW (Assamese)

পাৰমাণৱিক অস্ত্ৰৰে অসম ধ্বংস কৰাৰ ভাবুকি দিলে পাকিস্তানে

August 20, 2020 7:44 pm · এন ই নাও নিউজ
Updated: August 20, 2020 8:27 pm

যিকোনো মুহূৰ্ততে অসমত সৃষ্টি হ’ব পাৰে নাগাচাকি- হিৰোছিমাৰ দৰে ভয়াৱহ পৰিস্থিতি।

শ শ কিলোমিটাৰ দূৰত থকা সীমান্তৰ সিপাৰৰ শত্ৰুৱে নিক্ষেপ কৰা পাৰমাণৱিক বোমাৰ আঘাতে থানবান কৰি পেলাব পাৰে অসমক।

হয়, এতিয়া তেনে আশংকাই দেখা দিছে অসমবাসীৰ বাবে। অসমক পাৰমাণৱিক অস্ত্ৰৰে ধ্বংস কৰাৰ ভাবুকি আহিছে সীমান্তৰ সিপাৰৰ পৰা।

এই ভাবুকি সাধাৰণ কোনো লোকে দিয়া ভাবুকি নহয়, এই ভাবুকি দিছে পাকিস্তানৰ মহা প্ৰতাপী ৰে’ল মন্ত্ৰী শ্বেইখ ৰছিদে।

মন্ত্ৰী গৰাকীয়ে পাকিস্তানৰ ছামা টিভিত দিয়া এক সাক্ষাৎকাৰত এই বুলি কৈছে যে ভাৰতৰ বিৰুদ্ধে এতিয়া আৰু পৰম্পৰাগত যুদ্ধ শৈলীৰে পাকিস্তানে যুদ্ধ নকৰে।

পৰম্পৰাগত যুদ্ধৰ সলনি পাকিস্তানে ভাৰতৰ বিৰুদ্ধে প্ৰয়োগ কৰিব পাৰমাণৱিক অস্ত্ৰ।

সাক্ষাৎকাৰটোত মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতৰ কেতবোৰ বচা বচা অঞ্চলক পাকিস্তানে টাৰ্গেট কৰি লৈছে।

মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত অসমৰ নাম বিশেষ ভাৱে উল্লেখ কৰি  কয় যে পাকিস্তানৰ টাৰ্গেটত এইবাৰ অসমকো ধৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে পাক মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতৰ মুছলমান লোক অধ্যুষিত অঞ্চল সমূহক পাৰমাণৱিক আক্ৰমণৰ পৰা ৰেহাই দিয়া হ’ব।

ইয়াৰ বাবে পাকিস্তানৰ হাতত কেৱল একোটা বিশেষ অঞ্চল ধ্বংস কৰিব পৰা সৰু সৰু পাৰমাণৱিক অস্ত্ৰ থকা বুলি মন্ত্ৰী ৰছিদে প্ৰকাশ কৰিছে।

Related News