NORTHEAST NOW (Assamese)

পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচক ভালুকৰ আক্ৰমণ : কথমপি প্ৰাণ ৰক্ষা

September 6, 2025 11:18 am · এন ই নাও নিউজ, গুৱাহাটী

ভালুকৰ আক্ৰমণত আহত পাকিস্তানৰ বিখ্যাত গায়িকা কুৰৰাতুলাইন বালোচ।

বৃহস্পতিবাৰে নিশা গিলগিট-বাল্টিস্তানৰ বিখ্যাত দেওছাই ৰাষ্ট্ৰীয় উদ্যানত নিজৰ দলৰ সৈতে শিবিৰ পাতি আছিল গায়িকাগৰাকী।

তেওঁ নিজৰ তম্বুত থাকোঁতে হঠাতে এটা ডাঙৰ বাদামী ভালুক তম্বুত প্ৰৱেশ কৰিলে।

তেওঁ যেতিয়া জোৰেৰে চিঞৰি উঠিল, তেতিয়া কৰ্মচাৰী, বন্যপ্ৰাণী বিষয়া আৰু হোটেলৰ কিছুমান কৰ্মচাৰীয়ে লগে লগে তাত উপস্থিত হল।

তাত উপস্থিত থকা এজন বন্যপ্ৰাণী বিষয়া আৰু গিলগিট-বাল্টিস্তান চৰকাৰে জনাইছে যে গায়িকাগৰাকীৰ হাতত আঘাতৰ চিন আছে, সম্ভৱতঃ ভালুকটোৱে নখেৰে আক্ৰমণ কৰিছিল।

বন্যপ্ৰাণী বিষয়াৰ মতে, আক্ৰমণৰ লগে লগে ভালুকটো পলাই যায়।

সেই স্থানত উপস্থিত হোৱা এজন বিষয়াই কয়, “তেওঁ অতি সাহসী আৰু এই ভালুকটো দেখাৰ পিছতো অজ্ঞান হোৱা নাছিল।”তেওঁ কয়, “২০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ এটা ভোকাতুৰ ভালুক আছিল। যদি তেওঁ অজ্ঞান হৈ পৰিলহেঁতেন তেন্তে পৰিস্থিতি আৰু বেয়া হ’লহেঁতেন।”

Related News