NORTHEAST NOW (Assamese)

ঢাকাত পাকিস্তানৰ আই এছ আইৰ মুৰব্বী! ভ্ৰমণৰ গোপনীয়তাক কেন্দ্ৰ কৰি জল্পনা-কল্পনা

January 23, 2025 2:39 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ পাকিস্তান ভ্ৰমণলৈ আহিছিল বাংলাদেশ সেনাৰ ছয়জন উচ্চ পদস্থ বিষয়া। ৬ দিনীয়া ভ্ৰমণৰ অন্তত ১৭ জানুৱাৰীত বাংলাদেশলৈ উভতি আহিছিল। আৰু তাৰ পিছত ২১ জানুৱাৰীত পাকিস্তানৰ পৰা সামৰিক বিষয়াৰ দল এটা বাংলাদেশত উপস্থিত হয়।

বাতৰি অনুসৰি ৩ দিনীয়া ভ্ৰমণসূচীৰে পাকিস্তানী বিষয়াৰ চাৰিজনীয়া এটা দল ঢাকাত উপস্থিত হয়। অৱশ্যে ইছলামবাদৰ পৰা ঢাকালৈকে আনুষ্ঠানিকভাৱে এই ভ্ৰমণৰ ওপৰত মুখ বন্ধ ৰাখিছে।

ইপিনে, পাকিস্তানী সামৰিক বিষয়াৰ এই ভ্ৰমণে দিল্লীৰ চোৰাংচোৱা সংস্থাৰ দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ, এই পাকিস্তানী দলত আছে লেফটেনেণ্ট জেনেৰেল আছিম মালিক। তেওঁ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ মুৰব্বী। আই এছ আইৰ আন এজন উচ্চ পদস্থ বিষয়াও দলটোৰ সৈতে ঢাকাত উপস্থিত হৈছে। তেওঁ হৈছে – আই এছ আইৰ সঞ্চালক প্ৰধান (এনালাইছিছ)মেজৰ জেনেৰেল শ্বাহিদ আমিৰ আফছাৰ। ইয়াৰ উপৰিও আছে মেজৰ জেনেৰেল আলম আমিৰ আৱান আৰু এছ এছ জিৰ মুৰব্বী মহম্মদ উছমান লতিফ।

আনহাতে, প্ৰতিবেদনত দাবী কৰা হৈছে যে এই চাৰিজন পাকিস্তানী সদস্যই ডুবাইৰ পৰা এমিৰেটছৰ ইকে৫৮৬ বিমানেৰে ঢাকাত উপস্থিত হৈছিল। এই গোটটোক বিমানবন্দৰত আদৰণি জনায় বাংলাদেশৰ সামৰিক চোৰাংচোৱা সংস্থা ডি জি এফ আইৰ জ্যেষ্ঠ বিষয়া ব্ৰিগেডিয়াৰ মেহদীয়ে।

বাতৰি অনুসৰি, এই চাৰিজন পাকিস্তানী সেনা বিষয়া ঢাকাৰ পাঁচ তাৰকাযুক্ত ৰেডিছন ব্লু হোটেলত থাকে। এই পাকিস্তানী গোটটো গাজীপুৰৰ এটা অস্ত্ৰ কাৰখানালৈ গৈছিল বুলি জানিব পৰা গৈছে। তদুপৰি বাংলাদেশী সেনাৰ উচ্চ পদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়।

ইয়াৰ পূৰ্বে বাংলাদেশে পাকিস্তানৰ পৰা চীনত নিৰ্মিত যুদ্ধ বিমান ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি বাতৰি প্ৰকাশ পাইছিল। শেহতীয়াকৈ বাংলাদেশৰ সেনাৰ লেফটেনেণ্ট জেনেৰেল এছ এম কামৰুল হাছানে পাকিস্তানী সেনা প্ৰধানৰ সৈতে সাক্ষাৎ কৰি জে এফ-১৭ থাণ্ডাৰ যুঁজাৰু বিমান ক্ৰয়ৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। পাকিস্তান ভ্ৰমণৰ সময়ত তেওঁ পাকিস্তান সেনা প্ৰধান জেনেৰেল আছিম মুনিৰৰ সৈতে সাক্ষাৎ কৰে। সেই ফটোখন পাকিস্তান সামৰিক বাহিনীৰ জনসংযোগ বিভাগে প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে ঢাকাই বাতৰি প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল। অন্যথা তেওঁলোকে বিষয়টো গোপনে ৰাখিব বিচাৰিছিল।

Related News