NORTHEAST NOW (Assamese)

মাতৃ স্নেহঃ প্ৰতি নিশা চিকিৎসালয়ৰ দেৱাল বগাই কোভিড আক্ৰান্ত মাতৃক নয়ন জুৰাই চাইছিল যুৱকে

July 21, 2020 4:04 pm · এন ই নাও নিউজ
Updated: July 21, 2020 4:08 pm

বিচনা খন শূন্য হৈ পৰি ৰৈছে।

বয়-বস্তুৰে ভৰি থকাৰ পিছতো কোঠাটো প্ৰাণহীন হৈ পৰি ৰৈছে।

এই কোঠাটোতেই পেলেষ্টাইনৰ জিহাদ অল ছুৱাইটি নামৰ ৩০ বছৰীয়া যুৱক জনৰ মাতৃয়ে বাস কৰিছিল।

মাতৃ-পুত্ৰৰ মৰমেৰে জীপাল হৈ আছিল কোঠাটোৰ পৰিবেশ।

কিন্তু এদিন হঠাতে যুৱক জনৰ সেই সুখ যন্ত্ৰণালৈ পৰ্যবসিত হ’ল। কাল ভাইৰাছ ক’ৰ’ণাত আক্ৰান্ত হ’ল যুৱক জনৰ মাতৃ ৰেশমী ছুৱাইটি।

পেলেষ্টাইনৰ ৱেইট আৰা চহৰত থকা সেই সৰু কোঠাটোৰ পৰা যুৱক জনৰ মাতৃ ৰেশমী ছুৱাইটিক লৈ যোৱা হ’ল হেব্ৰনৰ ষ্টেট হস্পিতাললৈ।

কেবা মহলীয়া হস্পিতালখনৰ ওপৰ মহলাৰ কোঠা এটাত ৰখা হ’ল মহিলা গৰাকীক।

ৱেইট আৰাত মহিলা গৰাকীয়ে বাস কৰা কোঠাটো শূন্য হৈ ৰ’ল।

মাতৃক এপলকো চকুৰ আঁৰ হবলৈ নিদিয়া যুৱক জনেও মাকৰ সৈতে হস্পিতাললৈ যাব বিচাৰিছিল।

কিন্তু অনুমতি নাপালে। সেয়ে প্ৰতি নিশা তেওঁ হস্পিতাললৈ যায় আৰু মাতৃক ৰখা সুউচ্চ অট্টালিকাৰ সেই বিশেষ কোঠাটোৰ খিৰিকীৰ কাষত উপস্থিত হয় দেৱাল বগাই।

খিৰিকীৰেই তেওঁ প্ৰাণৰ মাতৃক নয়ন জুৰাই চায় আৰু এটা সময়ত তললৈ নামি আহে।

প্ৰতি নিশা দেৱাল বগাই কোভিড আক্ৰান্ত মাতৃক চোৱাটো যুৱক জনৰ বাবে ৰুটিনৰ ভিতৰৰ কাম হৈ পৰিল।

সিদিনা ৭৩ বছৰীয়া ৰেশমী ছুৱাইটিৰ অৱস্থা অতি সংকটজনক।

চকু খিৰিকীত,পুত্ৰ বা কেতিয়া আহে।

এটা সময়ত দেৱাল বগাই খিৰিকী মুখত হাজিৰ হ’ল পুত্ৰ জিহাদ অল ছুৱাইটি। ক্ষন্তেকৰ বাবে মাতৃ-পুত্ৰৰ চাৰি চকুৰ মিলন,তাৰ পিছত সকলো শেষ।

পুত্ৰক অকলশৰীয়া কৰি মাতৃ ৰেশমী ছুৱাইটি গুচি গ’ল অজান দেশলৈ।

জিহাদ অল ছুৱাইটিৰ মাতৃ ভক্তিৰ কাহিনী বিয়পি পৰিল পেলেষ্টাইনত,সমগ্ৰ বিশ্বত।

ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি মহম্মদ ছাফাই টুইটাৰৰ জৰিয়তে বিশ্বত বিয়পাই দিলে জিহাদ অল ছুৱাইটিৰ মাতৃ ভক্তিৰ কথা ।

ছেল্যুট জিহাদ অল ছুৱাইটি।

Related News