NORTHEAST NOW (Assamese)

গুৱাহাটীত নৱ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ পঞ্চানন হাজৰিকাৰ গল্প সংকলন “আমি” ৰ উন্মোচন

December 10, 2023 6:19 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আজি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত নৱপ্ৰজন্মৰ প্ৰতিশ্ৰুতি গল্পকাৰ পঞ্চানন হাজৰিকাৰ নৱতম গল্প সংকলন ” আমি” উন্মোচন কৰা হয়। 

‘আমি’ উন্মোচন কৰি বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই কয় যে – পঞ্চানন হাজৰিকাৰ গল্পৰ প্ৰায় প্ৰতিটো চৰিত্ৰকেই সমাজ- ৰাজনীতি, পৰিস্থিতি আৰু ইতিহাসে সৃষ্টি কৰিছে। তেওঁৰ গল্পত নব্বৈ দশকৰ অশান্ত  অসম প্ৰেক্ষাপট হিচাপে আহিছে। নব্বৈ দশকত জন্ম হোৱা প্ৰজন্মটোৰ স্বপ্ন আৰু বিভ্রমৰ জগত এই গল্পসমূহৰ কথাবস্তু।” 

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়নৰ মুৰব্বী অধ্যাপিকা  ডঃ অনুৰাধা শর্মাই হাজৰিকাৰ গল্পত প্ৰকাশ পোৱা ৰাজনৈতিক চেতনা আৰু লিংগ সংবেদনশীলতৰ মূল্যায়ন কৰে। আন এগৰাকী বিশিষ্ট অতিথি প্ৰকাশ আলোচনীৰ সহযোগী সম্পাদক গীতালি বৰাই পঞ্চানন হাজৰিকাৰ গল্পত প্ৰকাশ পোৱা প্ৰেম, ৰাজনীতি, কুইয়েৰ প্ৰসংগ আদি নানা দিশ সম্পৰ্কে আলোচনা কৰে।

সাতসৰী আলোচনীৰ সহকাৰী সম্পাদক অপু ভৰদ্বাজে কয় যে- পঞ্চানন হাজৰিকাৰ গল্পৰ ভাষা প্ৰাঞ্জল আৰু স্বতঃস্ফূৰ্ত। তেওঁ গল্পত বিষয় বৈচিত্ৰ্যৰ আৰু প্ৰয়োজনীয়তাৰ বিষয়েও বক্তব্য ৰাখে। অন্য এগৰাকী আলোচক কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ অংকুমনি দাসেও পঞ্চানন হাজৰিকাৰ গল্প সমূহত প্ৰকাশ পোৱা সম্পৰ্কৰ বৈচিত্ৰ্য তথা গভীৰ জীৱনবোধৰ ব্যাখ্যা আগবঢ়ায়। 

এন কে টি ভিৰ সাংবাদিক পাৰ্থ প্ৰতিম শৰ্মাই পৰিচালনা কৰা সভাখনত পূৰ্বায়ন প্ৰকাশনৰ স্বত্বাধিকাৰী ডঃ অমৃত কুমাৰ উপাধ্যায়, বিশিষ্ট লেখিকা জুনু বৰা, গল্পকাৰ বিপাশা বৰা, অভিজিৎ বৰা, অম্লান জ্যোতি দেউৰী, উৎপল ডেকা, ৰ’দালি চেতিয়াকে ধৰি গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ কেইবাজনো গৱেষক ছাত্ৰৰ লগতে প্ৰায় অৰ্ধ শতাধিক শ্ৰোতা-দৰ্শক উপস্থিত থাকে।

Related News