NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ অভয়াপুৰীত কংগ্ৰেছৰ দুজনৰ মনোনয়ন বাতিল

Posted by: ইয়াছিন আলী November 22, 2018 1:10 pm
Panchayat-768x442

নতুন নিৰ্বাচনী নীতিয়ে এইবাৰ বিমোৰত পেলাইছে পঞ্চায়ত নিৰ্বাচনৰ বহু প্ৰাৰ্থিক। দলীয় টিকট পোৱাৰ পিছতো বঞ্চিত হ’বলগীয়া হৈছে বহুজন ।

যোৱা বুধবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমা নিৰ্বাচনী বিষয়াই ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকিলা গাঁও পঞ্চায়ত আৰু ৰঙাপানী গাওঁ পঞ্চায়তৰ কংগ্ৰেছৰ দুই সদস্য পদৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰে।

জানিব পৰা মতে গাঁও ৰক্ষী বাহনিৰ সম্পাদক পদত নিয়োজিত হৈ থকাৰ বাবে  উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে কোকিলা গাঁও পঞ্চায়ত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মন্তাজ আলী আহমেদ আৰু ৰঙাপানী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আব্দুল ৰহিম বাদশ্বাহৰ মনোনয়ন পত্ৰ নাকচ কৰিছে।

উল্লেখযোগ্য যে কোকিলা গাঁও পঞ্চায়তৰ এ আই ডি ইউ এফৰ প্ৰাৰ্থী মিন্টু আহমেদৰ অভিযোগৰ ভিত্তিত কংগ্ৰেছৰ উক্ত প্ৰাৰ্থী দুজনৰ মনোনয়ন বাতিল হয়। আনহাতে এ আই ডি ইউ এফৰ মিন্টু আহমেদৰ ঘৰত পকী শৌচালয় নথকাৰ বাবে পঞ্চায়তবাসীয়ে মিন্টু আহমেদৰ মনোনয়ন বাতিল কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।

একাংশ স্থানীয় ৰাইজৰ মতে সমাজ সচেতন তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কৃষক কোকিলা গাঁও পঞ্চায়ত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মন্তাজ আলীৰ জয় প্ৰায় নিশ্চিত আছিল। আনহাতে এইবাৰ অঞ্চলটোত আঞ্চলিক পঞ্চায়তৰৰ সদস্য, গাওঁ পঞ্চায়তৰ সভাপতি আদি পদৰ বহু প্ৰাৰ্থীৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতা নথকাৰ অভিযোগ উত্থাপন হৈছে।