NORTHEAST NOW (Assamese)
Popular Stories

কোভিড-১৯ পজিটিভ যুৱকক লৈ সোণাৰিত আতংক; ছীল কৰি দিয়া হ’ল নাগালেণ্ড সীমান্ত

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 22, 2020 3:28 pm

বহিঃ ৰাজ্যৰ পৰা আহি হোম কুৱাৰেণ্টাইনত থকা এজন যুৱকৰ শৰীৰত ক’ৰণা ভাইৰাছ ধৰা পৰাত আকংকময় পৰিৱেশ সৃষ্টি হৈছে চৰাইডেউ জিলাৰ সোণাৰি বাঁহবাৰী পথাৰ গাঁৱত।

ভাস্কৰ লাহন নামৰ ২৯ বছৰীয়া যুৱকজনে পৰিয়ালসহ যোৱা ১৯ মেত গুৰগাঁৱৰ পৰা অসমলৈ  আহিছি।

পত্নী আৰু এবছৰীয়া শিশুৰ সৈতে অহা যুৱকজনক এটা দিন সোণাৰি মহাবিদ্যালয় কুৱাৰেণ্টাইন শিবিৰত ৰখাৰ পিছত হোম কুৱাৰেন্টাইত থাকিবলৈ ঘৰলৈ পঠাই দিয়া হৈছিল।

আনহাতে ঘৰত থকা অৱস্থাত যুৱকজনৰ সংস্পৰ্শলৈ আহিছিল দেউতাক আৰু বৰদেউতাকৰ পুতেক।

দেউতাকে গাঁৱত বহু ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ লগতে বৰদেউতাকৰ পুতেকে সোণাৰী টাউনত ঘূৰি ফুৰা বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে ভাস্কৰ লাহনৰ দেহত কোভিড পজিটিভ পোৱাত এতিয়া আতংকিত হৈ পৰিছে গাঁৱৰ ৰাইজ।

বৰ্তমান গাওঁখন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। গাঁওখনত মুঠ ৮ঘৰ মানুহ আছে।

আনহাতে চৰাইদেউ জিলা প্ৰশাসনে বহিঃ ৰাজ্যৰ পৰা অহা যুৱকক কিয় কুৱাৰেণ্টাইন শিৱিৰত নাৰাখি  ঘৰত হোম কুৱাৰেণ্টাইৰ বাবে পঠাই দিয়ে তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সোণাৰিত।

বৰ্তমান ভাস্কৰ লাহনক ডিব্ৰুগড় কুৱাৰেণ্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে গুৰগাঁৱৰ পৰা ভাস্কৰ লাহন আৰু মাইবেলাৰ আন এটা পৰিয়াল বাছ যোগে প্ৰথমে তেজপুৰলৈ আহিছিল, তেজপুৰৰ পৰা দুখন বেলেগ বাহনত দুয়োটা পৰিয়াল সেণাৰিলৈ আহে।

ইপিনে সোণাৰিত কভিড-১৯ পজিটিভ ওলোৱাৰ পিছতে নাগালেণ্ডৰ মন জিলা প্ৰশাসনে সোণাৰি-নাগালেণ্ড সীমান্ত সম্পূৰ্ণ ৰূপে ছীল কৰি দিছে।