NORTHEAST NOW (Assamese)

‘সমগ্ৰ অসমবাসী’লৈ পদ্মশ্ৰী বঁটা উচৰ্গা কৰিলে পাৰ্বতী বৰুৱাই

January 27, 2024 2:55 pm · এন ই নাও নিউজ, গুৱাহাটী
পাৰ্বতী বৰুৱা।

অসমৰ পৰা পদ্মশ্ৰী প্ৰাপক পাৰ্বতী বৰুৱাই এই স্বীকৃতি লাভ কৰি আনন্দ প্ৰকাশ কৰিছে আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।

এক বিবৃতিত তেওঁ কয় যে এই বঁটা কেৱল তেওঁৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবে এক স্বীকৃতি।

‘কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছো। এই বঁটা মোৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবে,’-তেওঁ কয়।

তেওঁ কয়, ‘মই ১৪ বছৰ বয়সৰ পৰাই হাতী ধৰাৰ কাম কৰি আহিছো আৰু এই কাম কৰি আছো। হাতী আৰু জীৱ-জন্তুৰ প্ৰতি মোৰ প্ৰগাঢ় ভালপোৱা আছে।’

পাৰ্বতী বৰুৱাৰ এটি বিশেষ ফটোঃ সংগ্ৰহীত।

তেওঁ লগতে কয়, ‘মই হাতী, বন্যপ্ৰাণী আৰু ইয়াৰ তত্ত্বাৱধায়কসকলৰ বাবে মোৰ জীৱন উচৰ্গা কৰিছিলোঁ। সেয়ে, মই মোৰ কাম কৰি থাকিব পাৰিছিলো। ভগৱানে মোক আশীৰ্বাদ দিলে আৰু মই এই স্বীকৃতি পালোঁ।”

৬৭ বছৰীয়া পাৰ্বতী বৰুৱাই সমাজত শিপাই থকা লিংগভিত্তিক কু-সংস্কাৰ অতিক্ৰম কৰি হাতী–মানুহৰ সংঘাত প্ৰশমনৰ বাবে চাৰিটা দশক উৎসৰ্গা কৰিলে।

পাৰ্বতী বৰুৱা সৰুৰে পৰাই পিতৃৰ পৰা দক্ষতা আহৰণ কৰি বনৰীয়া হাতী ধৰি বশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁৰ বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰাৰ প্ৰতি দায়বদ্ধতাই হাতী–মানুহৰ সংঘাতৰ সমাধানত কমেও তিনিখন ৰাজ্য চৰকাৰক সহায় কৰিছে।

তেওঁৰ দৃঢ় আৰু উল্লেখযোগ্য অৱদানৰ বাবে তেওঁ সমাজসেৱা (পশু কল্যাণ) শাখাত সন্মানীয় পদ্মশ্ৰী সন্মান লাভ কৰিছে।

Related News