NORTHEAST NOW (Assamese)

যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ত কণ্টেইনমেণ্ট জ’ন ঘোষণা, কৰ্মচাৰী ক’ভিড পজিটিভ

June 23, 2020 10:47 pm · স্মিতা ভট্টাচাৰ্য্য
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

এগৰাকী কৰ্মচাৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছত যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ এক অংশ মঙলবাৰে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

“ডি চি অ’ফিচৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জিতুমণি শৰ্মা পজিটিভ ওলাইছে। সেয়ে ডি চি অফিচৰ মূল ভৱনৰ পূবফালে থকা ভৱনটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে,” উপায়ুক্ত ৰশনি এ ক’ৰাতিয়ে জনায়।

ভৱনটোত বাকীজাই, ভূমি অধিগ্ৰহণ আৰু এন আৰ চি শাখাসমূহ আছে। সেই শাখাকেইটাৰ সকলো কৰ্মচাৰীকে হ’ম কুৱাৰেণ্টিনত থাকিবলৈ দিয়া হৈছে।

“তেওঁলোক সকলোকে পৰীক্ষা কৰা হ’ব। অধিক কণ্টেক্ত ট্ৰেচিঙৰ কাম চলি আছে,” ক’ৰাতিয়ে জনায়।

ক’ভিড-১৯ পজিটিভ শৰ্মাক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এক সূত্ৰ অনুসৰি শৰ্মাৰ পত্নী, পুত্ৰ আৰু মাক যোৰহাটৰ এখন হোটেলত কুৱাৰেণ্টিনত আছে।

উপায়ুক্ত ক’ৰাতিয়ে লগতে জনোৱা মতে মঙলবাৰৰ দিনটোত জিলাখনত আৰু আঠটা নতুন ক’ভিড-১৯ প্জিটিভ কেছ পোৱা গৈছে।

Related News