NORTHEAST NOW (Assamese)

পথাৰত সমূহীয়া ন-খোৱা উৎসৱ; হেৰাই যাব ধৰা পৰম্পৰা নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস

December 13, 2021 11:29 am · নিৰ্মলেন্দু পাঠক ,টীয়ক
ফটো: নৰ্থইষ্ট নাও।

চহা কৃষকৰ ঘৰে ঘৰে এসময়ত আঘোণ মাহৰ এক পৰিচিত ছবি আছিল ন-খোৱা। এতিয়াও একেবাৰে শেষ হৈ যোৱা নাই এই পৰম্পৰা। পথাৰৰ পৰা সোণগুটি চপাই আনি তৃপ্তিৰে এসাঁজ লগে ভাগ খোৱাতো যেন এক এৰাব নোৱাৰা পৰম্পৰা।

কিন্তু সামগ্ৰীৰ উৰ্ধমুখী দাম, কৰ্ম ব্যস্ততা বৃদ্ধি আদি বহু কাৰকৰ বাবে এই ন-খোৱা পৰ্ব আজি বহুতে জাক জমকতাৰে অনুষ্ঠিত কৰিব নোৱাৰা হ’ল।

এসময়ত ঘৰে আয়োজন কৰা এই ন-খোৱা উৎসৱত ওচৰ-চুবুৰীয়া, আত্মীয় কুটুমৰ উপস্থিতিয়ে জীপাল কৰি তোলে পৰিৱেশ।

ফটো: নৰ্থইষ্ট নাও।

সময়ৰ সোঁতত যেন ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে ন খোৱাৰ দৰে অনুষ্ঠানৰ। ফলত নতুন প্ৰজন্মৰ বহুতৰ বাবে অচিনাকিৰ দৰে হৈছেগৈ ন-খোৱা পৰ্ব।

Also Read: তিনিচুকীয়াত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ RPF কনিষ্টবলে বচালে এগৰাকী বৃদ্ধৰ জীৱন

নতুন প্ৰজন্মক ন-খোৱাৰ দৰে অনুষ্ঠানৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে টীয়ক গুৱাল গাঁৱৰ একাংশ যুৱক-যুৱতী, বোৱাৰীসকলৰ উদ্যোগত গুৱালৰবাৰীৰ পথাৰত দেওবাৰে আয়োজন কৰে সমূহীয়া ন-খোৱা উৎসৱ।

পুৱাৰ পৰা ন-খোৱাক লৈ গুৱালৰবাৰী পথাৰত পৰিলক্ষিত হয় এক উৎসৱমুখৰ পৰিৱেশ। 

Related News