NORTHEAST NOW (Assamese)

পঞ্চায়ত নিৰ্বাচন : মুখ্য মন্ত্ৰীৰ সমষ্টিৰ ক্ষুভিত ৰাইজৰ নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত

November 19, 2018 12:25 pm · এন ই নাও নিউজ
Updated: November 19, 2018 3:55 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে মুখ্য মন্ত্ৰী সমষ্টিবাসীয়ে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সমষ্টিৰ মাজুলীৰ নৈ কাষৰীয়া ৪ খন গাঁৱৰ ৰাইজে এইবাৰ সমাগত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সকলো ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰা চাৰিখন গাঁও হ’ল ক্ৰমে পূব মাজুলীৰ গ্ৰেজিং, কলবাৰী, মেৰাগড় আৰু যোগী গাঁও।

প্ৰাপ্ত তথ্য মতে ২০১৭ চনত উক্ত চাৰিখন গাঁও বাৰিষাৰ বানপানীয়ে বিধ্বস্ত কৰিছিল। পিছত গাঁও কেইখনত বান সাহায্য বিতৰণত ব্যাপক অনিয়ম সংঘটিত হৈছিল।

জানিব পৰা মতে একাংশ বানপীড়িতক বহু পৰিমাণৰ টকা দিয়াৰ বিপৰীতে আন একাংশক আকৌ তেনেই নগন্য পৰিমাণৰ টকা দিয়াৰ লগতে বান সাহায্য দিয়াৰ নামতো স্থানীয় মণ্ডল আৰু গাওঁবুঢ়াই উৎকোট লৈছিল।

তাৰোপৰি আন একাংশই উৎকোট দিয়াৰ পিছতো বৰ্তমানলৈকে বান সাহায্য লাভ নকৰিলে বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে। আনকি বান সাহায্যৰ এই ব্যাপক অনিয়ম সম্পৰ্কত স্থানীয় ৰাইজে জিলা প্ৰশাসনক অৱগত কৰাৰ পিছতো জিলা প্ৰশাসনে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।

ফলত উক্ত গাঁও কেইখনৰ ক্ষোভিত ৰাইজে এইবাৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে উক্ত গাঁৱত কোনো এটা ৰাজনৈতিক দলকে প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related News