NORTHEAST NOW (Assamese)

তিনিচুকীয়াত শোকাৱহ ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পেট্ৰল পাম্প কৰ্মীৰ

January 13, 2024 5:39 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

তিনিচুকীয়া জিলাৰ লিডুত আজি সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱাইছে এজন পেট্ৰল পাম্প কৰ্মীয়ে।

প্ৰকাশিত খবৰ অনুসৰি, লিডুৰ টিৰাপ কলিয়াৰী ভাৰত পেট্ৰল পাম্পত সংঘটিত হৈছে এই ঘটনা।

নিহত কৰ্মীগৰাকীৰ নাম পাপু বৰুৱা বুলি জানিব পৰা গৈছে। তেওঁ মাৰ্ঘেৰিটাৰ চেগুনবাৰীৰ বাসিন্দা আছিল ।

জানিব পৰা মতে, ট্ৰাকৰ পৰা কিছু তেলৰ বেৰেল এক্সকেভেটৰলৈ লৈ যোৱাৰ সময়তে তেওঁ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহিছিল।

সেই সময়ত পেট্ৰল পাম্পটোত থকা আন লোকসকলে তেওঁক বচাবলৈ চেষ্টা কৰে যদিও কোনো সহায় পোৱাৰ আগতেই তেওঁৰ থিতাতে মৃত্যু হয়।

ঘটনাৰ সময়ত আন কোনো ব্যক্তিৰ আঘাত বা সা-সম্পত্তিৰ ক্ষতিৰ কোনো খবৰ এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।

Related News