NORTHEAST NOW (Assamese)

ক’ৰ’ণাৰ ভেকচিন নষ্ট কৰি কেনে দশা হ’ল এজন ফাৰ্মাচিষ্টৰ…

January 3, 2021 12:00 pm · এন ই নাও নিউজ

অতিমাৰী ক’ৰ’ণাৰ ভেকচিন বিশ্ববাসীয়ে লাভ কৰাৰ সময় প্ৰায় সমাগত ।

ভাৰতত ইতিমধ্যে ভেকচিনৰ ড্ৰাই ৰাণ আৰম্ভ হৈ গৈছে।ব্ৰিটেইনতো কাইলৈৰ পৰা ক’ৰ’ণাৰ ভেকচিন সাধাৰণ মানুহে লাভ কৰিব।

এনে সময়তে মানুহে অধীৰ আগ্ৰহেৰে ৰৈ থকা ক’ৰ’ণাৰ মহামূল্যৱান ভেকচিন সম্পূৰ্ণ ইচ্ছাকৃত ভাবে ধ্বংস কৰি ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে এজন ফাৰ্মাচিষ্ট।

ঘটনাটো ঘটিছে আমেৰিকাৰ উইছকিনছনত। সেই অঞ্চলৰ এখন চিকিৎসালয়ত মজুত কৰি ৰখা ৫০০ টা ভেকচিন চিকিৎসালয় খনৰ এজন ফাৰ্মাচিষ্টে ইচ্ছাকৃত ভাবে ধ্বংস কৰি পেলোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে গ্ৰাফটন আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

লোকজনে কিয় ক’ৰ’ণাৰ ভেকচিন কেইটা ধ্বংস কৰিলে সেই বিষয়ত এতিয়াও মুখ খোলা নাই।

উল্লেখ্য ভাৰতকে ধৰি বিশ্বৰ কেইবা খনো দেশত কোভিডৰ ভেকচিন সাধাৰণ মানুহৰ মাজত বিতৰণ কৰাৰ বাবে সংশ্লিষ্ট চৰকাৰ সমূহে পদক্ষেপ গ্ৰহণ কৰিছে।

ব্ৰিটেইনত ৪ জানুৱাৰীৰ পৰা ভেকচিন সাধাৰণ মানুহক প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ভাৰততো চলিত মাহৰ প্ৰথম ভাগতে দেশবাসীৰ মাজত মুকলি কৰি দিয়া হ’ব কোভিডৰ ভেকচিন।

বিশ্বসাবীয়ে আগ্ৰহেৰে অপেক্ষা কৰা ভেকচিন বিনষ্ট কৰাটো এতিয়া সেয়ে গুৰুতৰ অপৰাধ হিচাবে বিবেচিত হৈছে।

Related News