NORTHEAST NOW (Assamese)

মৃত সৈনিকৰ স্মৃতি ফলকে প্ৰমাণ কৰে গালোৱানৰ সংঘৰ্ষত নিহত হৈছিল বহু চীনা সেনা

August 30, 2020 9:51 am · এন ই নাও নিউজ
Updated: August 30, 2020 9:57 am

পূব লাডাখৰ গালোৱানত ১৫ জুনৰ দিনা ভাৰতীয় সেনাৰ ওপৰত চীনৰ সেনাই চলোৱা আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনাই ।

এই সংঘৰ্ষত ভাৰতৰ ২০ জন সৈনিক নিহত হৈছিল যদিও চীনৰ কিমান সেনাৰ মৃত্যু ঘটিছিল সেই বিষয়ত বেইজিং মহল সম্পূৰ্ণ নিমাতে আছিল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা চীনৰ মৃত সেনাৰ স্মৃতি ফলকে প্ৰমাণ কৰিছে যে ভাৰতীয় সেনাৰ আক্ৰমণত উক্ত দিনা চীনৰ সেনাও নিহত হৈছিল।

গালোৱানত উদ্ধাৰ হোৱা চীনৰ সেনাৰ স্মৃতি ফলক খন মান্দাৰিণ ভাষাত লিখা আৰু তাত লিখা আছে যে ভাৰতীয় সেনাৰ সৈতে সাহসিকতাৰে যুঁজ দি নিহত হোৱা চেন জিয়াংগ্ৰঙলৈ চেন্ট্ৰেল মিলিটেৰী কমিছনে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

চেং জিয়াংগ্ৰং বুলি উল্লেখ কৰা মৃত সেনা জন চীনৰ ফুজিয়ানৰ ৬৯৩১৬ ট্ৰুপৰ সদস্য আছিল।

উল্লেখ্য ৬৯৩১৬ ট্ৰুপ হৈছে পিপ’লছ লিবাৰেছন আৰ্মীৰ ১৩ নং বেটেলিয়ন।

মৃত সেনা জোৱান জনৰ জন্ম হৈছিল ২০০১ চনৰ ডিচেম্বৰ মাহত। তেওঁৰ বয়স হৈছিল ১৯ বছৰ।

চীনা সেনাৰ এনেদৰে স্মৃতি ফলক উদ্ধাৰ হোৱাৰ কথাই প্ৰমাণ কৰিছে যে ১৫ জুনৰ দিনা গালোৱানত ভাৰতীয় সেনাৰ আক্ৰমণত বহু চীনা সেনা নিহত হৈছিল।

৫ আগষ্টত স্থাপন কৰা এই স্মৃতি ফলক সন্দৰ্ভত অৱশ্যে চীনৰ চৰকাৰৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হোৱা নাই।

বহুতৰে মতে সেইদিনা গালোৱানতভাৰতীয় সেনাৰ হাতত ৪০ জনতকৈও অধিক চীনা সেনা নিহত হৈছিল।

Related News