NORTHEAST NOW (Assamese)

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

May 19, 2022 12:39 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: May 19, 2022 1:04 pm

সাংবাদিকৰ পিঠিত উঠি বান বিধ্বস্ত এলেকা চাবলৈ নাওত উঠিল বিধায়ক শিবু মিশ্ৰ।

লামডিং সমষ্টিৰ বিধায়কগৰাকীৰ এই নাশ্ৰুত নাভূত কাণ্ডত আচৰিত হৈ পৰিছে সচেতন নাগৰিক।

বিধায়কক কান্ধত উঠাই নিয়া সাংবাদিক জনৰ মন্তব্য “ভিডিঅ’ কৰ, সাংবাদিকৰ পাৱাৰ আছে দেখাই দিছো”।

এফালে বানাক্ৰান্তই বানৰ কবলত পৰি ককবকাই আছে আনফালে বিধায়কৰ চিন্তা কাপোৰ-দামী জোতা নষ্ট হ’ব পাৰে।

সাংবাদিকে পাছত বিধায়কগৰাকীক এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁৰ মন্তব্য “মোৰ অলপ জ্বৰ হৈ আছে, পানীত নামিলে আৰু জ্বৰ হ’ব পাৰে, সেয়েহে কান্ধত উঠি আহিলো। বানাক্ৰান্তৰ খবৰ ল’বলৈ আহিছো।”

বিজেপিৰ বিধায়ক জনৰ নাশ্ৰুত- নাভূত কাণ্ডই এতিয়া ছ’চিয়েল মিডিয়াতো একপ্ৰকাৰৰ খলকনিৰ সৃষ্টি কৰিছে।

Related News