NORTHEAST NOW (Assamese)
Popular Stories

‘জুইৰ লগত খেলা নকৰিব’ : প্ৰধানমন্ত্ৰী মোদীলৈ আহ্বান দেশৰ ২ লাখ অভিভাৱকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2020 7:14 pm
898092-833150-narendra-modi-5-pti

কেন্দ্ৰৰ গৃহমন্ত্ৰালয়ে অহা জুলাইৰ পৰা দেশৰ শিক্ষানুষ্ঠানসমূহ কোলাৰ বাবে লোৱা সিদ্ধান্তক বিৰোধিতা কৰিছে শিক্ষাৰ্থীৰ অভিভাৱকসকলে।

গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ইতিমধ্যে দুই লাখ অভিভাৱকৰ স্বাক্ষৰ সম্বলিত এক আৰ্জি পেচ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ।

সোমবাৰে দেশৰ ২ লাখ অভিভাৱকে স্বাক্ষৰ কৰা আৰ্জিখনত কোৱা হৈছে যে, ‘কোভিড১৯ শূন্য নোহোৱা’ পৰ্যন্ত দেশৰ শিক্ষানুষ্ঠানসমূহ পুনৰ আৰম্ভ কৰিব নালাগে।’

আনকি অভিভাৱকসকলৰ মতে জুলাইত শিক্ষানুষ্ঠান পুনৰ আৰম্ভ কৰাতো জুইৰ লগত খেলা কৰাৰ দৰেই হ’ব।

শনিবাৰে দেশৰ অভিভাৱকসকলে স্বাক্ষৰ কৰিবলৈ আৰম্ভ কৰা এই আৰ্জিত কোৱা হৈছে যে ‘জুলাইত শিক্ষানুষ্ঠান পুনৰ খোলা সিদ্ধান্তটো চৰকাৰৰ এটা নিকৃষ্টতম সিদ্ধান্ত। ই এটা পাগলামি হ’ব। ই হ’ব জুইৰ লগত খেলা কৰাৰ দৰে এটা কাৰবাৰ। পিতৃ-মাতৃসকলে এই বুৰ্বকামিৰ বিৰুদ্ধে যুঁজ কৰা উচিত। এটিও শিশুক বিদ্যালয়লৈ পঠোৱা উচিত নহ’ব।’

আৰ্জিখনত কোৱা হৈছে যে যদি শিক্ষাবৰ্ষটো নষ্ট নকৰি আগুৱাই নিব খোজে তেনে চৰকাৰে ই-লাৰ্ণিঙৰ ব্যৱস্থা কৰিব পাৰে।

শিশুসকলে হাত চেনিটাইজ কৰা আৰু শাৰীৰিক দূৰত্ব ৰক্ষা কৰা ধাৰণাটো ভাল নহয় বুলিও অভিভাৱকসকলে উল্লেখ কৰিছে।

অৱশ্যে গৃহ মন্ত্ৰালয়ে জুলাইৰ পৰা শিক্ষানুষ্ঠান পুনৰ খোলাৰ বাবে সেউজ সংকেট দিলেও কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে এতিয়াও এই সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

কেন্দ্ৰীয় স্বাস্থ্য আৰু গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰিহে মানৱ উন্নয়ন দপ্তৰে এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনাইছে মানৱ উন্নয়ন দপ্তৰৰ এক শীৰ্ষ বিষয়াই।