NORTHEAST NOW (Assamese)
Popular Stories

আজি আৰএছএছ-ৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে; সভাপতি পদৰ পৰা আঁতৰিব নেকি জেপি নড্ডা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2025 9:10 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগপুৰ ভ্ৰমণৰ কথা উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে স্মৃতি মন্দিৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক নেতাসকলক শ্ৰদ্ধাঞ্জলি জনাব বুলি শনিবাৰে চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে। তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ পাছত কোন হ’ব দলটোৰ উত্তৰসূৰী তাক লৈ মোহন ভাগৱতৰ পৰামৰ্শ ল’ব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।বিশেষকৈ আৰএছএছ আৰু বিজেপিৰ মাজত শেহতীয়া সময়চোৱাত সৃষ্টি হোৱা ব্যৱধান দূৰ কৰিবলৈ এই ভ্ৰমণ কৰা হৈছে বুলিও বহুতে দাবী কৰিছে।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নাগপুৰৰ ড০ হেডগেৱাৰ স্মৃতি মন্দিৰত অৱস্থিত আৰ এছ এছৰ প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰ আৰু সংগঠনটোৰ দ্বিতীয় সৰসংঘচালক এম এছ গোলৱালকাৰৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

১৯৫৬ চনত আম্বেদকাৰে হাজাৰ হাজাৰ অনুগামীৰ সৈতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা স্থান দীক্ষাভূমিতো বি আৰ আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জনাব।

প্ৰধানমন্ত্ৰীয়ে মাধৱ নেত্ৰালয় চকু প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰৰ সম্প্ৰসাৰণ মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে। এই প্ৰতিষ্ঠানত থাকিব ২৫০খন বিচনাযুক্ত চিকিৎসালয়, ১৪টা বহিঃৰোগী বিভাগ (অপিডি), আৰু ১৪টা মডিউলাৰ অপাৰেচন থিয়েটাৰ।

ইয়াৰ উপৰিও মোদীয়ে ছলাৰ ডিফেন্স এণ্ড এৰস্পেচ লিমিটেডৰ গোলাবাৰুদৰ সুবিধা পৰিদৰ্শন কৰিব, যত তেওঁ মানৱবিহীন বিমান (ইউএভি)ৰ বাবে ডিজাইন কৰা ১২৫০ মিটাৰ দীঘল আৰু ২৫ মিটাৰ বহল নতুনকৈ নিৰ্মাণ কৰা বিমানপথ উদ্বোধন কৰিব। তেওঁ লটাৰিং মিউনিচন আৰু অন্যান্য গাইডেড মিউনিচনৰ বাবেও লাইভ মিউনিচন আৰু ৱাৰহেড পৰীক্ষাৰ সুবিধা মুকলি কৰিব বুলি বিবৃতিটোত লগতে কোৱা হৈছে।

নাগপুৰৰ পাছত প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ৰ বিলাসপুৰ ভ্ৰমণ কৰিব, যত তেওঁ বিদ্যুৎ, তেল আৰু গেছ, ৰে, পথ, শিক্ষা, আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।