NORTHEAST NOW (Assamese)

এদিন ভূটানৰ বিজ্ঞানীয়েও ছেটেলাইট বনাব : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

August 18, 2019 1:14 pm · এন ই নাও নিউজ
ফটো : টুইটাৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে বৰ্তমান ভূটানত আছে।

প্ৰধান মন্ত্ৰী  মোদীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনা দেওবাৰে থিম্ফুৰ ৰয়েল য়ুনিভাৰ্ছিটিত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে।

মোদীয়ে কয় যে ভূটানৰ নিজা সৰু উপগ্ৰহৰ ডিজাইন কৰিবলৈ তথা উৎ৭এপন কৰিবলৈ ভূটানৰ যুৱ বিজ্ঞানী ভাৰতলৈ যাব।

মোদীয়ে কয়, ‘’আপোনালোকৰ মাজৰ পৰা কোনোৱাই বিজ্ঞানী, অভিযন্তা আৰু উদ্ভাৱক হ’ব।‘’

তেওঁ লগতে কয়,’’মই আশা কৰিছো এদিন ভূটানৰ বিজ্ঞানীয়েও ছেটেলাইট বনাব।‘’

মোদীয়ে দক্ষিণ এছিয়া উপগ্ৰহৰ থিম্ফু গ্ৰাউণ্ড ষ্টেশ্যন উদ্বোধন আৰু মহাকাশ সহযোগিতা সম্প্ৰসাৰণ কৰাৰ কথাও উল্লেখ কৰে।

তেওঁ কয়,’’উপগ্ৰহৰ জৰিয়তে টেলি মেডিচিনৰ সুবিধা, দূৰৱৰ্তী শিক্ষা,মানচিত্ৰ প্ৰস্তুত, বতৰৰ আগজাননী, প্ৰাকৃতিক দুৰ্যোগৰ সতৰ্ক বাণী আদি ক্ষেত্ৰত নিশ্চয়তা আহিব।‘’

প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে আজি ভাৰত বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ’বলৈ সক্ষম হৈছে। বিগত পাঁচ বছৰত বুনিয়াদী আন্ত:গাঁথনি নিৰ্মাণৰ গতি দুগুণ বৃদ্ধি পাইছে।

তেওঁ কয় যে ভাৰত আৰু ভূটানে সংস্কৃতিৰ আদান-প্ৰদান কৰিছে। বৰ্তমান সময়ত সুযোগৰ অভাৱ নাই। ভাৰত আৰু ভূটানৰ জনসাধাৰণৰ মাজত গভাৰ সম্পৰ্ক আছে।

প্ৰধান মন্ত্ৰীয়ে লগতে কয় যে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতত ক্ষিপ্ৰ গতিত কাম চলি আছে।

পৰীক্ষাক লৈ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্বিগ্ন নহ’বলৈও প্ৰধান মন্ত্ৰী মোদীয়ে পৰামৰ্শ দিয়ে।

Related News