NORTHEAST NOW (Assamese)

Farm Law জয় কিষাণ! অৱশেষত বাতিল কৃষি আইন; কৃষকক পথাৰলৈ ঘুৰি অহাৰ আহ্বান মোদীৰ

November 19, 2021 10:50 am · এন ই নাও নিউজ, গুৱাহাটী

Farm Law অৱশেষত বিতৰ্কিত তিনিখন কৃষি আইনবাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে। বিগত প্ৰায় এবছৰ ধৰি এই আইন বাতিলৰ বাবে কৃষকসকলে আন্দোলন চলাই আহিছিল।

শুকুৰবাৰে জাতিৰ উদ্দেশ্যে ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা জনায়। অৰ্থাৎ কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰৰ খুটি ল’ৰিল আৰু দেশৰ ‘কিষাণ’ জয়ী হ’ল।

কৃষি আইন বলবৎ কৰাক লৈ অবিচল হৈ থকা কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সেই অৱস্থানৰ পৰা আঁতৰি আহিল।

আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘’আমাৰ উদ্দেশ্য সৎ আছিল। কিন্তু কৃষি আইনৰ সুফলৰ কথা একাংশ কৃষকক আমি বুজোৱাত ব্যৰ্থ হ’লো।‘’

প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক আন্দোলনৰ পথ ত্যাগ কৰি পুনৰ কৃষি পথাৰলৈ উভতি যোৱাৰ বাবে আহ্বান জনায়।

Also Read: Policemen attack Judge হাতত পিষ্টল লৈ আদালত কক্ষত দণ্ডাধীশৰ ওপৰত আক্ৰমণ আৰক্ষী বিষয়াৰ; তীব্ৰ চাঞ্চল্য মধুবনীত

মোদীয়ে কয়,’’আহক আমি সকলো আকৌ নতুনকৈ আৰম্ভ কৰো।‘’ তেওঁ লগতে কয় যে ‘এতিয়া কাকো দোষাৰোপ কৰাৰ সময় নহয়।‘’

উল্লেখ্য যো গুৰু নানকৰ জন্মদিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা এই ঘোষণাক একাংশ ৰাজনৈতিক বিশ্লেষকে তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰিছে। কিয়নো কৃষি আইন বাতিলৰ দাবীত দিল্লীত আন্দোলনত নমা কৃষকসকলৰ অধিকাংশই পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ কাষৰীয়া অঞ্চলৰ পৰা আহিছিল।

Also Read: Rachin Ravindra নিউজিলেণ্ড দলত ‘শচীন-দ্ৰাবিড়’! চাই লওক এই ক্ৰিকেটাৰৰ কৃতিত্ব

ইয়াৰ মাজত শিখ আৰু জাঠ সম্প্ৰদায়ৰ অংশগ্ৰহণেই আছিল সৰ্বাধিক। তাতেই অহা বছৰৰ আৰম্ভণিতেই পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন আছে।

যোৱা বছৰছেপ্টেম্বৰত তিনিখন কৃষি বিধেয়ক সংশোধনীৰে আইনত পৰিণত হোৱাৰ পাছৰে পৰা দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থানত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছিল। কৃষকৰ অভিযোগ যে নতুন কৃষি আইনৰ ফলত কৃষকসকল বৃহৎ লোকচানৰ সন্মুখীন হ’ব।             

Related News