NORTHEAST NOW (Assamese)

বন্যহস্তী হত্যা : ত্ৰিপুৰাত উদ্ধাৰ অংগক্ষত হাতীৰ মৃতদেহ

January 20, 2025 4:39 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 20, 2025 4:58 pm

ত্ৰিপুৰাত উদ্ধাৰ হৈছে এটা বন্যহস্তীৰ মৃতদেহ। ত্ৰিপুৰাৰ খোৱাই জিলাৰ কল্যাণপুৰ বন বিভাগৰ অন্তৰ্গত প্ৰমোদ নগৰৰ টুই ৰূপা চৰা বনাঞ্চলত উদ্ধাৰ হৈছে এটা মতা হাতীৰ অংগক্ষত মৃতদেহ।

প্ৰথমে এই হাতীটোক চোৰাং চিকাৰীয়ে হত্যা কৰি অংগচ্ছেদ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল বন বিভাগে।

দেওবাৰে পুৱা স্থানীয় ৰাইজৰ সহায়ত বন বিভাগৰ নিয়মীয়া টহলৰ সময়ত উদ্ধাৰ হয় হাতীটোৰ মৃতদেহ। এই তথ্য লাভ কৰাৰ লগে লগে জ্যেষ্ঠ বন বিষয়া, আৰক্ষী আৰু পশু চিকিৎসক সেই স্থানত উপস্থিত হয়।

বিষয়াসকলৰ মতে হাতীটোক গুলীয়াই হত্যা কৰা হৈছে। হত্যা কৰাৰ পিছত হাতীটোৰ মূৰ আৰু পিছ ভৰিৰ কিছু অংশ চিকাৰীয়ে কাটি লৈ যায়। সম্ভৱত হাতীটোৰ দাঁতো লৈ গৈছে চোৰাং চিকাৰীয়ে।

মৰণোত্তৰ পৰীক্ষাত নিশ্চিত হৈছে যে চোৰাং চিকাৰেই হাতীটোৰ মৃত্যুৰ কাৰণ।

ইতিমধ্যে কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰি  দোষীক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে তৎপৰ হৈ উঠিছে।

Related News