NORTHEAST NOW (Assamese)

পুনৰ কাজিৰঙাত গঁড় হত্যা! কহৰাত চোৰাং চিকাৰীয়ে হত্যা কৰি গঁড়ৰ খৰ্গ লৈ উধাও

January 20, 2022 4:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 20, 2022 8:27 pm

প্ৰায় ৯মাহৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰিলে।

বন বিভাগৰ সূত্ৰসমূহে কয় যে গঁড়টোক হত্যা কৰা হৈছেনে সেয়া নিশ্চিত কৰিব পৰা নাই যদিও চোৰাং চিকাৰীয়ে গঁড়টোৰ খৰ্গ লৈ উধাও হৈছে।  

বৃহস্পতিবাৰে ৰাতিপুৱা গঁড়টোৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: পথ দুৰ্ঘটনাত নিহত পিতৃ-মাতৃ, দিক্ বিদিক হেৰুৱাইছে চয়নিকা-তন্ময়ে; ‘মামা’ক সহায়ৰ আহ্বান

উল্লেখ্য যে যোৱা ৯ মাহত এইটো গঁড় হত্যাৰ প্ৰথম ঘটনা। যোৱা ২০২১ৰ এপ্ৰিলত শেষবাৰ গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল।

বন বিভাগ তথা আৰক্ষীয়ে এই গঁড় হত্যাৰ এক তদন্ত আৰম্ভ কৰিছে।

চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ মৃতদেহটো উদ্ধাৰ হোৱা স্থানত স্নিফাৰ ডগ নিয়োগ কৰা হৈছে।

লগতে পঢ়ক: আঁৰত প্ৰেমৰ সম্পৰ্ক! যুৱকৰ নিৰুদ্দেশক লৈ উত্তপ্ত হাজো আৰক্ষী থানা

অসমত গঁড় হত্যাৰ ঘটনা হ্ৰাস পোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন চৰকাৰক ইংলেণ্ডৰ ক্ৰিকেটাৰ কেভিন পিটাৰছেনে প্ৰশংসা কৰাৰ এদিনৰ পাছতে মৃত গঁড়টো উদ্ধাৰ হৈছে।

বিগত কেইমাহমানত অসমত গঁড়ৰ চোৰাং চিকাৰৰ ঘটনা দেখা পোৱা হোৱা নাছিল। 

Related News