• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ দুৰ্ঘটনাত নিহত পিতৃ-মাতৃ, দিক্ বিদিক হেৰুৱাইছে চয়নিকা-তন্ময়ে; ‘মামা’ক সহায়ৰ আহ্বান

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
January 20, 2022 3:58 pm
Sibsagar child asking help fro CM

পিতৃ-মাতৃহাৰা দুই দুৰ্ভগীয়া ভগ্নী-ভাতৃ। ফটো: নৰ্থইষ্ট নাও।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়সাগৰৰ সুন্দৰপুৰত যোৱা ১০ মাহত দুটা ৰহস্যজনক পৃথক পথ দুৰ্ঘটনাই এটা পৰিয়াললৈ কঢ়িয়াই আনিলে ঘোৰ অমানিশা।

যোৱা বৰ্ষৰ ১ মাৰ্চত নিজৰা দত্ত আৰু ১৫ ডিচেম্বৰত তেওঁৰ স্বামী পবিত্ৰ দত্ত পথ দুৰ্ঘটনাত নিহত হোৱাৰ পিছৰে পৰা ঘাত মাউৰা হৈ পৰিল তেওঁলোকৰ দুই সন্তান চয়নিকা আৰু তন্ময়।

দিন হাজিৰা কৰি উৰুখা পঁজাতে পবিত্ৰ দত্তই কোনোমতে পৰিয়াল চলাইছিল যদিও পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছৰে পৰা নিঠৰুৱা হৈ পৰিল তেওঁলোকৰ ২০ বছৰীয়া কন্যা চয়নিকা দত্ত আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত কনমানি তন্ময় দত্ত।

Apply Now

পিতৃ-মাতৃক হেৰুৱাই বৰ্তমান দিশহাৰা হৈ পৰিছে এই দুই কিশোৰ-কিশোৰী। উপাৰ্জনহীন চয়নিকাই ইতিমধ্যে আৰ্থিক অনাটন আৰু ভাতৃক প্ৰতিপালন কৰিবলৈ কোনো নথকাত আধাতে সামৰিব লগা হৈছে শিক্ষা।

লগতে পঢ়ক: আলফা-স্বাধীনত যোগদানৰ সন্দেহ তিনিচুকীয়াৰ যুৱকৰ

ভাতৃ তন্ময়ৰ ভৱিষ্যতকলৈয়ো সন্দিহান হৈ পৰা চয়নিকাই বৰ্তমান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি জনাইছে কাতৰ অনুৰোধ।

জীয়াই থাকিব পৰাকৈ, কণমানি ভাতৃক সহায় কৰিব পৰাকৈ যিকোনো এটি কৰ্মসংস্থাপন যোগাৰ কৰি দিবলৈ হাতজোৰ কৰিছে অসহায় চয়নিকাই।

পিতৃ-মাতৃৰ বিয়োগৰ পিছত স্থানীয় সচেতন ব্যক্তি, বেলেগে এখন ঘৰত থকা বৰদেউতাক প্ৰমোদ দত্তৰ সহায়ত কোনোমতে এসাঁজ যোগাৰ কৰিছে যদিও ভৱিষ্যতকলৈ উদ্বিগ্ন হৈ পৰিছে দুই ভগ্নী-ভাতৃ।

লগতে পঢ়ক: আঁৰত প্ৰেমৰ সম্পৰ্ক! যুৱকৰ নিৰুদ্দেশক লৈ উত্তপ্ত হাজো আৰক্ষী থানা

চয়নিকাৰ মাতৃ নিজৰা দত্তক গাড়ীয়ে মহতিয়া থৈ যোৱাত মৃত্যুক সাৱটি লৈছিল যোৱা এক মাৰ্চত। জীৱন নাশ কৰা গাড়ীখনৰ গৰাকী বিচাৰি উলিয়াইছিল আৰক্ষীয়ে। আইনগত প্ৰক্ৰিয়া চলি আছিল। তেনেতে যোৱা ১০ ডিচেম্বৰৰ সন্ধিয়া একেখন ঠাইতে গাড়ীৰ খুন্দাত নিহত হৈছিল চয়নিকাৰ পিতৃ।

অতি পৰিতাপৰ বিষয় যে যিখন গাড়ীৰে খুন্দিয়াইছিল সেইখন গাড়ী আজিলৈকে চিনাক্ত কৰিবলৈ সক্ষম নহ’ল আৰক্ষীয়ে।

পিতৃ-মাতৃক হেৰুৱাই অসহায় হৈ পৰা চয়নিকা আৰু তাইৰ ভাতৃ তন্ময়ক সহায় কৰিবলৈ স্থানীয় ৰাইজ তথা দল-সংগঠনে জিলা প্ৰশাসন আৰু বিধায়ক অখিল গগৈক আবেদন জনাইছিল যদিও এই পৰ্যন্ত যথোচিত সহাঁৰি লাভ নকৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

লগতে পঢ়ক:অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তিৰ বাবে পৰীক্ষাৰ দিন ঘোষণা, কি পদৰ বাবে কেতিয়া পৰীক্ষা?

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ উত্তীৰ্ণ হোৱা চয়নিকাৰ এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান,”মামা আমাক সহায় কৰক। আমাক জীয়াই থাকিবলৈ এটা সংস্থাপন দিয়ক।‘’ 

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd