NORTHEAST NOW (Assamese)

গ্ৰেপ্তাৰ হ’ব নেকি ক্ৰিকেট তাৰকা যুৱৰাজ সিং! গোচৰ ৰুজু

February 15, 2021 6:06 pm · এন ই নাও নিউজ

হাৰিয়ানা আৰক্ষীয়ে প্ৰাক্তন ক্ৰিকেট তাৰকা যুৱৰাজ সিঙৰ ওপৰত এখনি এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, যোৱা বছৰ এটা ইনষ্টাগ্ৰাম চাটিঙত টীম ইণ্ডিয়াৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনজনে লেগ স্পীনাৰ য়ুভেন্দ্ৰ চাহালক লৈ এটা বৰ্ণবৈষম্যসমূলক মন্তব্য কৰিছিল।

টীম ইণ্ডিয়াৰ সহঃ অধিনায়ক ৰোহিত শৰ্মাৰ এটা ইনষ্ট্ৰাগাম লাইভ অনুষ্ঠানত যুৱৰাজে এই মন্তব্যটো কৰিছিল।

পাছত যুৱৰাজ সিঙে মন্তব্যটোৱে অনাকাংক্ষিতভাৱে ৰাজহুৱা আৱেগত আঘাত হনাৰ বাবে ক্ষমা বিচাৰিছিল।

এগৰাকী আৰক্ষী বিষয়াই জনোৱামতে, অধিবক্তা ৰজত কালচানে হানচি আৰক্ষী চকীত দিয়া এটা গোচৰৰ ভিত্তিত এজাহাৰখনি দাখিল কৰা হৈছে।

ইণ্ডিয়ান পেনেল কোডৰ বিভিন্ন ধাৰা আৰু এছ.চি./এচ.টি. (প্ৰিভেনচন অৱ এট্ৰচিটিজ)আইনৰ অধীনত গোচৰটো গ্ৰহণ কৰা হৈছে।

অধিবক্তা ৰজত কালচানে কয় যে ক্ৰিকেট তাৰকাগৰাকীৰ মন্তব্যটোৱে দলিত সম্প্ৰদায়ক আঘাত কৰিছে।

এই বিষয়টোক লৈ অধিবক্তাজনে হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজলৈও পত্ৰ প্ৰেৰণ কৰিছে আৰু গৃহমন্ত্ৰীয়ে হাৰিয়ানা ডাইৰেক্টৰ জেনেৰেল অৱ পুলিচক ব্যৱস্থা ল’বলৈ আদেশ দিছে।

Related News