NORTHEAST NOW (Assamese)

লকডাউন : দুখীয়া লোকৰ মাজত আৰক্ষী, CRPF জোৱানে বিতৰণ কৰিলে খাদ্য সামগ্ৰী

April 7, 2020 12:34 pm · ভাৰ্গৱ হাজৰিকা
Updated: April 7, 2020 12:36 pm
ফটো : নৰ্থ-ইষ্ট নাও

মহামাৰী কোভিড-১৯-ৰ বাবে সমগ্ৰ দেশতেই লকডাউন ঘোষনা কৰাৰ পিছত অসমত বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।

এনে সময়তে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই পুৰণিগুদামৰ ব্ৰাহ্মণ গাঁৱৰ সুসন্তান টংকেশ্বৰ বৰুৱাই জন্মস্থানৰ বহু দৰিদ্ৰ লোকক সাধ্য অনুসাৰে খাদ্য সামগ্ৰী যোগান ধৰা দেখা যায়।

আৰক্ষীৰ দৰে জৰুৰীকালীন সেৱাৰ লগত জড়িত হোৱাৰ পাছতো নিজৰ জন্মভূমিৰ দৰিদ্ৰ লোকসকলৰ প্ৰতি থকা এই মহানুভবতাক পুৰণিগুদামবাসীয়ে শলাগ জনাইছে।

ইফালে পুৰণিগুদামৰে বিভিন্ন অঞ্চলত চি আৰ পি এফ-ৰ এটা ৰেজিমেণ্টে আগবঢ়োৱা সহায়ৰ হাতকো প্ৰসংশাৰে উপচাই পেলাইছে স্থানীয় ৰাইজে।

পুৰণিগুদামৰ তেলিয়া মুছলমান গাঁৱতো বিশেষভাবে সক্ষম দুজন লোকৰ বাবে খাদ্য সামগ্ৰীৰ যোগান ধৰে চি আৰ পি এফৰ নগাঁও কাটিমাৰিস্থিত ৩৪নং বেটেলিয়ানে।

গাঁওখনৰ কোনো লোকে চি আৰ পি এফৰ “মডদগাৰ” নামৰ হেল্পলাইনত ফোন যোগে অৱগত কৰাৰ বাবেই দৰিদ্ৰ লোক কেইজনৰ ঘৰতেই আহি জোৱানৰ দলটোৱে খাদ্য সামগ্ৰী প্ৰদান কৰি যায়।

আনহাতে পুৰণিগুদাম অঞ্চলৰ “জালজৰী সন্মিলিত যুৱ মঞ্চ” নামৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠানটোৱেও বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বহু কেইটা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দালি, আলু, পিয়াজ আৰু মিঠাতেল আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়।

Related News