NORTHEAST NOW (Assamese)

সাংবাদিকক গুলীয়াই প্ৰাণে মৰাৰ চেষ্টা আৰক্ষী জোৱানৰ : নাজিৰাত ক’লা বেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ

November 18, 2024 5:33 pm · নয়নমণি ভৰদ্বাজ, নাজিৰা
Updated: November 18, 2024 7:07 pm

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা নাজিৰাত আৰক্ষী বেটেলিয়ানৰ জোৱানে সাংবাদিকক কেমেৰাৰ সন্মূখত গুলীয়াই প্ৰাণে মৰাৰ   বাবে উদ্যত হোৱা ঘটনাৰ ৩৬ ঘন্টা উকলি যোৱাৰ পিছতো অভিযুক্ত ভাস্কৰ গগৈৰ বিৰূদ্ধে আৰু জ্যেষ্ঠ সাংবাদিক আঙুলি টোৱাই অভব্য আচৰণ কৰে নাজিৰা আদৰ্শ  আৰক্ষী  থানাৰ অনামিকা বুঢ়াগোহাঁই নামৰ উপপৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই চৰকাৰ কিম্বা আৰক্ষী বিভাগে।

অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে সাংবাদিকৰ ওপৰত আতিশৰ্যা চলোৱাৰ প্ৰতিবাদত উচিত ন্যায় বিচাৰি দিনৰ ১২ বজাৰ পাছত প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰে নাজিৰাৰ সাংবাদিক সকলে ।

নাজিৰা নগৰৰ মাজমজিয়াত সাংবাদিক সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে  ।

অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদ , সদৌ অসম ছাত্ৰ সন্থা , বীৰ লাচিত সেনা,  অসম , সদৌ তাই আহোম ছাত্ৰ সন্থা, সদৌ তাই আহোম যুৱ পৰিষদ ,অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি নাজিৰাৰ সমূহ দল সংগঠন আৰু সমূহ সংবাদকৰ্মীয়ে ঐক্যবদ্ধ ভাৱে এই প্ৰতিবাদ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

Related News