NORTHEAST NOW (Assamese)

ৰাজনীতিত যোগদান নকৰে ৰাকেশ টিকাইটে, কৃষি আইনৰ বিৰুদ্ধে স্থিতিত অটল

February 18, 2021 1:58 pm · এন ই নাও নিউজ

ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে জনাইছে যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকিব।

ৰাজনৈতিক ক্ষেত্ৰখনক “এটা ডাঙৰ অসুখ’’ হিচাপে নামাকৰণ কৰি তেওঁ বৃহস্পতিবাৰে পালন কৰিব লগা ‘ৰেল বন্ধ’ক লৈও তেওঁলোকৰ কাৰ্যাৱলী সম্পৰ্কে সদৰী কৰে।

তেওঁ কয় যে প্ৰতিবাদী কাৰ্যসূচীটো শান্তিপূৰ্ণভাৱে পৰিচালনা কৰা হ’ব আৰু যিসকল ৰেলযাত্ৰী বন্ধৰ ফলত আৱদ্ধ হৈ থাকিব, তেওঁলোকক পানী, গাখীৰ, লাচ্চী আৰু ফলমূল বিতৰণ কৰি কৃষকসকলৰ সমস্যাৰ বিষয়ে অৱগত কৰিব।

সমগ্ৰ দেশজুৰি কৃষি আইনবিৰোধী প্ৰতিবাদী ৰেলীৰ বাবে বিভিন্ন অঞ্চলত ভ্ৰমণ কৰি ফুৰা টিকাইটে কয় যে সকলো ঠাইতে কৃষকসকল সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে।

তদুপৰি ২৬ জানুৱাৰীত লালকিল্লাত সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপক গৰিহণা জনাই তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতীয় কিষাণ ইউনিয়নৰ কোনো সদস্য ইয়াৰ স’তে জড়িত নহয়।

কৃষক আন্দোলনটোক জোৰদাৰ কৰি তুলিবৰ বাবে টিকাইতে অতি সোনকালে পশ্চিমবংগ ভ্ৰমণ কৰিব আৰু তেওঁ কয় যে ইয়াৰ স’তে বংগৰ নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই, কেৱল বংগৰ কৃষকসকলৰ সমস্যাসমূহৰ বিষয়েহে তেওঁ অৱগত হ’ব।

Related News