প্ৰদূষণৰ কৱলত বোকাখাতৰ ৰঙাগড়া অঞ্চল; দুৰ্গন্ধত অতিষ্ঠ অঞ্চলবাসী
বোকাখাতৰ ৰঙাগড়াৰ গেলাবিল নৈত আৱদ্ধ হৈ পৰিছে ব্যাপক আৱৰ্জনা। দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা আৱৰ্জনাৰ লগতে জীৱ জন্তুৰ গেলা-পচা শৱদেহৰ পৰা ওলোৱা দুৰ্গন্ধই প্ৰদূষিত কৰিছে সমগ্ৰ ৰঙাগড়া অঞ্চল।
উল্লেখযোগ্য যে ৰঙামাটি আৰু মহুৰা মৌজাৰ মাজেৰে বৈ যোৱা গেলাবিল নৈ তথা দুসূঁতিমুখ পঞ্চায়তৰ অন্তৰ্গত ৰঙাগড়া আৰু মৰঙীয়াল সংযোগী পকী দলঙৰ কাষতে থকা পুৰণি দলঙৰ খুটাত কেইবামাহ ধৰি জমা হৈ থকা মেটেকাত আৱদ্ধ হৈ পৰিছে দুৰ দুৰণি পৰা পানীত উটি অহা গেলা আৱৰ্জনাৰ লগতে জীৱ জন্তুৰ গেলা-পচা শৱদেহ। যাৰ পৰা ওলোৱা উৎকট গোন্ধই প্ৰদূষিত কৰিছে এতিয়া সমগ্ৰ অঞ্চলটো। জীয়াতু ভোগীছে নদী কাষৰীয়া লোকৰ লগতে পথটোৰে যাতায়ত কৰা স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় লোক তথা পথচাৰীয়ে।
স্মৰ্তব্য যে, কাঠেৰে নিৰ্মিত পৰিত্যক্ত দলঙখনৰ খুঁটা আৰু লোহাসমুহ সংশ্লিষ্ট বিভাগে উঠাই নিনিয়াৰ ফলত প্ৰায় প্ৰতিবছৰেই এই সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় অঞ্চলবাসী।
ইফালে প্ৰদূষণৰ কৱলত পৰা স্থানীয় ৰাইজে শীঘ্ৰেই সমস্যাটো সমাধানৰ দাবী জনাইছে বোকাখাত মহকুমা প্ৰশাসনক।
লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ৰ যুক্তিসংগত ৰায়ৰ বাবে অধিক জিলিকি উঠিব নেকি ৰাহুল গান্ধী?
লগতে পঢ়কঃ প্ৰস্তাৱিত পাম খেতিয়ে অসমত মৰুভূমি সৃষ্টি কৰিবঃ ডি ৱাই এফ আই
লগতে পঢ়কঃ চুৰিদাৰ পৰিধান কৰি অহাৰ বাবেই অধ্যাপিকাৰ শ্ৰেণী বৰ্জন কলজীয়া শিক্ষাৰ্থীৰ