• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰস্তাৱিত পাম খেতিয়ে অসমত মৰুভূমি সৃষ্টি কৰিবঃ ডি ৱাই এফ আই 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2023 5:58 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ পূৰ্ণ সহযোগত ব্যৱসায়ী ৰামদেৱৰ নেতৃত্বত অসমত পাম খেতি কৰিবলৈ ব্যাপক প্ৰস্তুতি লোৱা হৈছে। আন্দামান-নিকোবৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ কৰিবলৈ লোৱা পাম খেতি অসমত ব্যাপক উৎসাহ-উদ্দীপনাৰে কৰিবলৈ লোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু অসমত মৰুভূমি সৃষ্টি কৰিব পৰা এই পদক্ষেপ বন্ধ কৰিবলৈ দাবী জনাইছে।

সেউজ বনভূমিৰে পৰিপূৰ্ণ আৰু জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ অসমৰ মাটিত পাম খেতি কৰিবলৈ হ’লে বিৰূপ প্ৰভাৱ পৰিব। পাম খেতিৰ ফলত সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ বাবে আন্দামান নিকোবৰত উচ্চতম ন্যায়ালয়ে তেনে খেতি বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। চুবুৰীয়া মিজোৰামত পাম কৃষিয়ে সৃষ্টি  কৰা কৃত্ৰিম খৰাঙৰ ফলত স্থানীয় বাসিন্দাসকলে দূৰদুৰণিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। ডাম্পা বেঘ্ৰ’ প্ৰকল্পৰ প্ৰতি ভাবুকি কঢ়িয়া আনিছে।

Apply Now

ইণ্ডোনেচিয়াকে ধৰি পৃথিৱীৰ বিভিন্ন দেশত পাম খেতিয়ে সেউজ মৰুভূমি সৃষ্টি কৰিছে, এনে অঞ্চলত পাম গছৰ বাদে অন্য কোনো গছৰ অস্থিত্ব নাথাকে। পাম খেতিক লৈ বিশ্বৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্যই ভয়াবহ অভিজ্ঞতাৰ সন্মুখীন হোৱাৰ সময়তে  কৰ্প’ৰেট আদানি গোষ্ঠী আৰু ৰামদেৱৰ স্বাৰ্থতে অসম চৰকাৰে উৎসাহেৰে তাক আঁ‌দৰণি জনাইছে।

২০২৫-২৬ চনৰ ভিতৰত ২ লাখ হেক্টৰ মাটিত পাম খেতি ৰোপন কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুঠ ১৮ জিলাত এই খেতি কৰাৰ প্ৰস্তুতি চলাইছে। অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ৩.২৮ লাখ হেক্টৰ ভূমিত পাম খেতি কৰাৰ লক্ষ্য বান্ধি লৈছে। ভয়াবহ কথাটো হৈছে এজোপা পাম খেতিয়ে ভূ-গৰ্ভৰ পৰা দৈনিক তিনিশ লিটাৰ পৰ্যন্ত পানী শোষণ কৰাৰ লগতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে। বিশ্বত ভয়াবহ খেতি হিচাপে পৰিচিত হৈ পৰা পাম খেতিকলৈ লৈ পৰিৱেশ বিজ্ঞানী, পৰিৱেশ কৰ্মী তথা সচেতন নাগৰিকসকল উদ্বিগ্ন হৈ পৰাৰ সময়তে অসম চৰকাৰৰ পাম খেতিকলৈ দেখুৱা তৎপৰতা উদ্বেগজনক আৰু চিন্তনীয়।

ইতিমধ্যে দেশৰ বহু পৰিৱেশ বিজ্ঞানী আৰু পৰিৱেশ কৰ্মীয়ে প্ৰধানমন্ত্ৰীলৈ এই সম্পৰ্কত পত্ৰ প্ৰেৰণ কৰিছে। ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়েও চৰকাৰৰ এই ভয়ংকৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে। ডি ৱাই এফ আইয়ে অসমৰ পৰিৱেশ কৰ্মী, সচেতন নাগৰিক, যুৱ-ছাত্ৰ সমাজ আৰু সচেতন ৰাইজলৈ প্ৰস্তাৱিত পাম খেতি বিৰোধিতা কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd