NORTHEAST NOW (Assamese)

ভাৰতৰ ক’ভিড যুদ্ধ : আইপিলৰ দৰমহাৰ এক অংশ দান কৰিব ৱেষ্ট ইণ্ডিজৰ তাৰকা নিক’লাছ পুৰাণে

April 30, 2021 5:23 pm · এন ই নাও নিউজ

ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌৱে হাহাকাৰৰ সৃষ্টি কৰাৰ সময়তে সহায় কৰিবলৈ আগবাঢ়ি আহিছে কেইবাজনো ক্ৰিকেটাৰ।

ইতিপূৰ্বে পেট কামিনছ, ব্ৰেট লীয়ে আৰ্থিক অনুদান আগবঢ়াইছে।

এই তালিকাত যোগ দিবলৈ উলাইছে আইপিএলৰ চলিত চিজনত পঞ্জাৱ কিংছৰ হৈ অংশ লোৱা ৱেষ্ট ইণ্ডিজৰ বেটছমেন নিক’লাছ পুৰাণ।

বেটছমেনজনে আইপিএলৰ দৰমহাৰ এক অংশ অনুদান হিচাপে আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

টুইটাৰত এই উদ্দেশ্যে তেওঁ লিখে যে যদিও আন বহু দেশে মহামাৰিৰ কবলত এতিয়াও আছে, ভাৰতৰ পৰিস্থিতি বৰ্তমান অতি সংকটজনক।

সেয়ে তেওঁ সজাগতা সৃষ্টিত অংশ লোৱাৰ উপৰিও আৰ্থিক সহযোগ আগবঢ়োৱাৰ কথা তেওঁ ঘোষণা কৰিছে।

Related News