NORTHEAST NOW (Assamese)

লাইভ শ্ব’ চলি থকাৰ মাজতে জনপ্ৰিয় ৰেডিঅ’ জকীৰ মৃত্যু

October 27, 2022 8:16 pm · এন ই নাও নিউজ, গুৱাহাটী
টিম গফ।

ব্ৰিটেইনৰ এগৰাকী জনপ্ৰিয় ৰেডিঅ’ জকীৰ এটা লাইভ শ্ব’ৰ সময়তে মৃত্যু ঘটে। তেওঁৰ নাম টিম গফ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ।

জেনএক্স ৰেডিঅ’ৰ এটা ৰাতিপুৱাৰ অনুষ্ঠান লাইভ হৈ থকাৰ সময়তে সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭:৫০ বজাত তেওঁৰ মৃত্যু হয়।

লগতে পঢ়ক: ভাৰতৰ খেল চলি থকাৰ মাজতে গেলেৰীত বিবাহৰ প্ৰস্তাৱ; তাৰপিছত কি ঘটিল?

টিম গফৰ হৃদৰোগত আক্ৰান্ত হৈ এইদৰে মৃত্যু হোৱা বুলি কোৱা হৈছে।।

জানিব পৰা গৈছে যে টিম গফে ইংলেণ্ডৰ চাফোকস্থিত লেকফৰ্ড গামত থকা তেওঁৰ ঘৰৰ পৰা এই কাৰ্যসূচী পৰিচালনা কৰি আছিল।

লগতে পঢ়ক: নিউয়ৰ্কত ‘মিছ শ্ৰীলংকা’; প্ৰতিযোগিতাৰ অনুষ্ঠানত হতাহতি; ভিডিঅ’ ভাইৰেল

টিম গফ এগৰাকী জনপ্ৰিয় ৰেডিঅ’ জকী আছিল। টিম গফে ৩০ বছৰ ধৰি এই কামত নিয়োজিত হৈ আছিল।

Related News